স্বাধীনতা দিৱসৰ ৭৫তম বৰ্ষপূতি উপলক্ষ্যে এন এছ এছৰ বিশাল  শোভাযাত্ৰা 

স্বাধীনতা দিৱসৰ ৭৫তম বৰ্ষপূতি উপলক্ষ্যে এন এছ এছৰ বিশাল  শোভাযাত্ৰা 

author-image
asomiyapratidin
New Update
স্বাধীনতা দিৱসৰ ৭৫তম বৰ্ষপূতি উপলক্ষ্যে এন এছ এছৰ বিশাল  শোভাযাত্ৰা 

মানকাচৰ, ডিজিটেল সংবাদ : ৭৫ তম স্বাধীনতা দিৱসৰ বৰ্ষপূতি উপলক্ষে আজি হাটশিঙিমাৰী মহাবিদ্যালয়ৰ এন এছ এছ গোটে ছাত্ৰ ছাত্ৰীক লৈ এখন বিশাল শোভাযাত্ৰা উলিয়ায় । ৰাষ্ট্ৰীয় সুৰক্ষা যোজনাৰ উদ্ধোগত ওলোৱা এই বিশাল শোভাযাত্ৰা আনুষ্ঠানিক ভাৱে মুকলি কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ জহিৰুল ইছলাম ।

Advertisment

এন এছ এছৰ সদস্য সকলৰ লগতে মহাবিদ্যালয় খনৰ তিনি শতাধিক ছাত্ৰ ছাত্ৰীসকলে হাতে হাতে ৰাষ্ট্রীয় পতাকা লৈ এই বিশাল শোভাযাত্ৰাত অংশগ্ৰহণ কৰে । কেন্দ্ৰীয় চৰকাৰে "হৰ ঘৰ ত্ৰিৰংগা"ৰ জৰিয়তে সমগ্ৰ  দেশবাসীক নিজৰ নিজৰ বাসভৱনত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ বাবে কৰা আবেদনৰ সৈতে সংগতি ৰাখি সকলোকে ঘৰে ঘৰে ৰাষ্ট্রীয় পতাকা  উত্তোলন কৰাৰ বাবে এন এছ এছৰ হাটশিঙিমাৰী গোটৰ কাৰ্যবাহী বিষয়া ডঃ আব্দুল কৰিম শেখে আহ্বান জনায় ।

আৰু পঢ়ক : চিৰাং জিলা আৰক্ষী, প্ৰশাসনৰ উদ্যোগত বৃহৎ ত্ৰিৰংগা ৰেলীঃ মন্ত্ৰী ইউ জি ব্ৰহ্মৰ অংশগ্ৰহণ…

assam india har ghar tiranga independence day