/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/176f0d35-5884-4163-bccf-9f9f33a9ca2b/275.jpg)
ডিজিটেল সংবাদ,কামৰূপ : কৃষকৰ ৰাইজৰ সুবিধাৰ্থে শুকুৰবাৰৰ পৰা কামৰূপ জিলাৰ মুঠ ৭টা ধান ক্ৰয় কেন্দ্ৰত সমৰ্থিত মূল্যত ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ হয়। কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত আৰম্ভ হোৱা এই ধান ক্ৰয় প্ৰক্ৰিয়া জিলাৰখনৰ বকো, বিজয় নগৰ, ছয়গাঁও, দদৰা, মিৰ্জা, ৰঙিয়া আৰু সোণতলি ধান ক্ৰয় কেন্দ্ৰত আজি এলানি উদ্বোধনী সভা আয়োজনৰ জৰিয়তে আৰম্ভ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/85223236-6021-4df8-9bd2-c52f87112c02/c25a945b_900b_4f4d_b6b6_83956b4b5272.jpg)
প্ৰতিখন সভাতেই সেই অঞ্চলৰ অন্তৰ্গত কৃষি উন্নয়ন বিষয়াসকলৰ লগতে জিলা কৃষি বিষয়া, সহযোগী সঞ্চালকদ্বয়, মহকুমা কৃষি বিষয়া, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়াকে প্ৰমুখ্যে কৰি কৃষি বিভাগৰ অন্যান্য বিষয়া-কৰ্মচাৰীসকলৰ লগতে যথেষ্ট সংখ্যক কৃষকে অংশগ্ৰহণ কৰে। আজিয়ে জিলাখনৰ কৃষকসকলৰ পৰা মুঠ প্ৰায় ৩০০ কুইন্টল ধান ক্ৰয় কৰা হয় আৰু এই প্ৰক্ৰিয়া চলি থাকিব বুলি বিভাগৰ তৰফৰ পৰা জনোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/526cc4b2-59e6-41d6-ba91-01c513a998ea/291e7c09_a254_40aa_b472_1287b29865d1.jpg)
সভাতে ধান বিক্ৰীৰ বাবে অনা কৃষকসকলক প্ৰমাণ পত্ৰও প্ৰদান কৰা হয় । দদৰা ধান ক্ৰয় কেন্দ্ৰৰ উদ্বোধনী সভাত কামৰূপ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত সুজাতা গগৈ উপস্থিত থাকি কৃষকসকলক উৎপাদিত ধানখিনি ধান ক্ৰয় কেন্দ্ৰৰ যোগেদিহে বিক্ৰী কৰিবলৈ অনুৰোধ জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/28f78561-e977-40d1-b15f-1331d1f635c8/9b520367_e0ae_44df_a30a_2e1802c0d6bb.jpg)
অতিৰিক্ত আয়ুক্ত গগৈয়ে সভাতেই ধান বিক্ৰীৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতাৰ বিষয়ে বিষয়াসকলৰ লগত আলোচনা কৰি সমাধানৰ বাট মুকলিৰ বাবে উপায়ো দিয়ে। আগন্তুক দিনত কৃষকসকলৰ পৰা আগতকৈ অধিক ধান ক্ৰয় কৰিব পাৰিব বুলি জিলা কৃষি বিভাগ আশাবাদী।
Also Read: কৰিমগঞ্জ শনবিল কালিবাৰী সুভাষ হাইস্কুলৰ ভৱন নিৰ্মাণত ব্যাপক দুৰ্নীতি