/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/3c1c7e00-d447-4d49-94fe-38770e40ab4c/jiten.jpg)
ডিজিটেল সংবাদ, গৰৈমাৰীঃ ক্ষমতাশালী মানুহৰ ভুল নহয়, ভুল হ'ব পাৰে সাধাৰণ মানুহৰ- এই মন্তব্য সাংবাদিক জিতেন্দ্ৰলাল শৰ্মাৰ। বকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ নাজমা-হীৰা মেম'ৰিয়েল পাব্লিক স্কুলৰ বাৰ্ষিক অধিবেশনৰ মুকলি ও বঁটা বিতৰণী সভাত অংশগ্ৰহণ কৰি নিয়মীয়া বাৰ্তাৰ জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে এই মন্তব্য কৰে।
তেওঁ কয় যে আমি আহি এনে এক পৰ্যায়ত উপস্থিত হৈছো, এফালে আধুনিক শিক্ষা ব্যৱস্থা-বিজ্ঞান প্ৰযুক্তিৰ সমাৰোহ, আনপিনে মানৱ জাতিৰ জয় জয় এক অৱস্থা। মানুহে মহাসাগৰৰ তলিৰ পৰা মহাকাশলৈ নিজৰ অৱস্থান সফল কৰিবলৈ সক্ষম হৈছে৷
আজিৰ পৰা বিশ বছৰ আগত যিবোৰ আমাৰ কাৰণে সপোন আছিল, কল্পনা আছিল, আজি সেইবোৰ আমাৰ হাতৰ মুঠিত। তথ্য প্ৰযুক্তিয়ে পৃথিৱীখনক ইমূৰৰ পৰা সিমূৰলৈ মূহূৰ্তৰ ভিতৰত আমাক চিনাকি কৰি দিছে। মানৱ জাতিৰ উত্তৰণ সঁচাকৈয়ে অভাৱনীয় বুলি জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে উল্লেখ কৰে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/6030b356-8ce5-4ff0-9163-92ca4ef760ef/cd503bd4_98b0_4db1_a3e9_705464d51a94.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/d38d580b-6d0a-465c-aae6-e70aa443e860/76950dde_ae15_41f4_9b24_d0cdf9781f08.jpg)
জমা-হীৰা মেম'ৰিয়েল পাব্লিক স্কুল অধ্যক্ষ সুব্ৰত বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে উপাধ্যক্ষ শ্বহিদুৰ ৰহমানে৷ সভাত বিশিষ্ট অতিথি হিচাপে মিৰ্জাৰ ডায়েট কলেজৰ জ্যেষ্ঠ প্ৰবক্তা প্ৰাণেশ্বৰ গোস্বামী, নগৰবেৰাৰ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ প্ৰবক্তা বীৰেন বৰা, একেখন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা আবুল বাসাৰ, প্ৰবক্তা চিত্ৰলেখা দেৱী, সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া ডাঃ কুৰবান আলী আহমেদ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/72fcd373-f883-4219-83da-25c6b2ee315b/c2dbc866_62a8_4076_8b0a_2baf5f5e7a04.jpg)
লগতে উপস্থিত থাকে সোণতলীৰ নাজমা-হীৰা মেম'ৰিয়েল পাব্লিক স্কুলৰ পৰিচালন সঞ্চালক আজাদ ওচমান গণি, সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক পিয়াৰ হুছেইন, সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰবক্তা মোবাৰক হুছেইন, নাজমা হীৰা মেম'ৰিয়েল পাব্লিক স্কুলৰ অভিভাৱক তথা মাহতলী এল পি স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক হবিবৰ ৰহমান, সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক তত্বাৱধায়ক শ্বহিদুল ইছলামৰ লগতে স্থানীয় কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে।
তেওঁলোকে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ উদ্দেশ্যি শিক্ষামূলক ভাষণ আগবঢ়ায়৷ স্মৰ্তব্য যে সোণতলীৰ নাজমা হীৰা মেম'ৰিয়েল পাব্লিক স্কুলৰ অধিবেশনৰ মুকলি সভাৰ অন্তত কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া উপস্থিত হয়
Also Read: পৰীক্ষা অনুষ্ঠিত নকৰাকৈ চৰকাৰৰ চৰ্ত! আছে চাকৰি নাই যোগ্যতা সম্পন্ন আবেদনকাৰী...