/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/priyanka-1.jpg)
ডিজিটেল সংবাদ, শিমলুগুৰিঃ ধাৰাবাহিকভাৱে লখিমপুৰবাসীৰ বাবেই নহয় সমগ্ৰ অসমবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে কিছু অদ্ভুত অসাধাৰণ প্ৰতিভাধাৰীয়ে।এইবাৰ পুনৰ লখিমপুৰবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে নাৰায়ণপুৰ ধলপুৰৰ জীয়ৰী প্ৰিয়ংকা শৰ্মাই।
আপুনি হয়তো চিকিৎসালয়ত দিয়া কেপচুলটি কোনো অসুখ নিৰ্মূল হ'বৰ বাবে ব্যৱহাৰ কৰিছে কিন্তু এইগৰাকী প্ৰিয়ংকা শৰ্মাই তেনেকুৱা এটি সাধাৰণ এক ইন্সি কেপচুলৰ ওপৰত মাত্ৰ ৩১ চেকেণ্ডত এডাল এলুমিনিয়াম তাঁৰেৰে এটি মনোগ্ৰাহী গণেশৰ ছবি অংকন কৰিছে,যাৰ বাবে প্ৰিয়ংকাই লাভ কৰিছে ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডছত স্থান ।
উল্লেখ্য যে প্ৰিয়ংকাৰ এনে প্ৰতিভাসম্পন্ন কায্য সম্পন্ন কৰাৰ বাবে তেওঁৰ স্বামী মনোৎপল শইকীয়া আৰু পিতৃ মাতৃয়ে যথেষ্ট অৱদান আগবঢ়াইছিল। প্ৰিয়ংকাৰ এনে সাফল্যক অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰিছে৷