দেওবাৰে শিলচৰত প্ৰিয়ংকাৰ ৰোড শ্ব’, হাই প্ৰফাইল প্ৰাৰ্থীৰ প্ৰচাৰৰ বাবে শীৰ্ষ নেতাৰ সোঁত

দেওবাৰে শিলচৰত প্ৰিয়ংকাৰ ৰোড শ্ব’, হাই প্ৰফাইল প্ৰাৰ্থীৰ প্ৰচাৰৰ বাবে শীৰ্ষ নেতাৰ সোঁত

author-image
asomiyapratidin
New Update
দেওবাৰে শিলচৰত প্ৰিয়ংকাৰ ৰোড শ্ব’, হাই প্ৰফাইল প্ৰাৰ্থীৰ প্ৰচাৰৰ বাবে শীৰ্ষ নেতাৰ সোঁত

ফাইল ফটো

ডিজিটেল ডেস্কঃ ৰাহুল, সিদ্ধুৰ পিছত দেওবাৰে পুৱাই শিলচৰত উপস্থিত হ'বহি এ আই চি চিৰ নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক তথা শেহতীয়া নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছী ষ্টাৰ কেম্পেইনাৰৰ ভিতৰত সৰ্বোচ্চ জনপ্ৰিয়তা আহৰণ কৰিবলৈ সক্ষম হোৱা ৰাজীৱ তনয়া প্ৰিয়ংকা গান্ধী। কংগ্ৰেছৰ দায়িত্ব লোৱাৰ পিছত এইয়াই হ'ব প্ৰিয়ংকা গান্ধীৰ প্ৰথম অসম ভ্ৰমণ। প্ৰতিকূল বতৰৰ মাজতে ৯ এপ্ৰিলত বৰাক উপত্যকাৰ ৩ সমষ্টিৰ হৈ শিলচৰত উপস্থিত হোৱা ৰাহুল গান্ধীয়ে প্ৰায় ২০ হেজাৰ লোকক সম্বোধন কৰি উপত্যকাটোৰ তিনিওটা সমষ্টি ক্ৰমে পাৰ্বত্য জিলা সমষ্টি ডিফু, কৰিমগঞ্জ আৰু শিলচৰত কংগ্ৰেছী প্ৰাৰ্থীক জয়ী কৰাৰ আহ্বান জনাই গৈছিল। ইয়াৰ পিছতে ১১ এপ্ৰিলত মঙলদৈ, গুৱাহাটী মিলাই কেণ্ডোকোনা আৰু বৰাক উপত্যকা মিলাই শিলচৰত এক বিশাল ৰেলীৰ সম্বোধন কৰে।

শুকুৰবাৰে শিলচৰত পুনৰ উপস্থিত হয় পঞ্জাৱৰ কংগ্ৰেছী মন্ত্ৰী নৱজোৎ সিং সিদ্ধু। শনিবাৰে শিলচৰত পুনৰ উপস্থিত হোৱাৰ কথা এন পি পি দলৰ নেতা তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা। পিছে দেওবাৰে প্ৰিয়ংকাৰ আগমনৰ খবৰে কেৱল কংগ্ৰেছী শিৱিৰতে নহয়, ইতিমধ্যে উপত্যকাটোত সৃষ্টি কৰিছে উল্লাসৰ পৰিৱেশ। বতৰে বিধি পঠালি নিদিলে পুৱা ১০ বজাত অংশ লব লগা প্ৰিয়ংকাৰ ৰোড শ্ব'ই ৰাজ্যখনৰ পাৰ হৈ যোৱা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সকলো ৰোড শ্ব'কে ম্লান পেলাই এক জোৱাৰৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব বুলি কংগ্ৰেছ শিৱিৰে আশা প্ৰকাশ কৰিছে।

উল্লেখ্য যে, শিলচৰ সমষ্টিৰ এইবাৰৰ নিৰ্বাচন ৰাজ্যখনৰ ভিতৰতে সকলোৰে বাবে আকৰ্ষণীয় হৈ উঠিছে। কিয়নো ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰতে শিলচৰ লোকসভা সমষ্টিত মূল প্ৰতিদ্বন্দ্বিতা আগবঢ়াব লগা ৩ গৰাকী প্ৰাৰ্থীয়েই বেলেগ বেলেগ ক্ষেত্ৰৰ অতি উচ্চ শিক্ষিত। ইয়াৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সন্তুষ মোহন দেৱৰ সন্তান তথা বৰ্তমানৰ সাংসদ সুস্মিতা দেৱ হ'ল অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ আইনৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী।

আনহাতে ডঃ ৰাজদ্বীৰ ৰায় প্ৰখ্যাত অস্থি ৰোগ বিশেষজ্ঞ আৰু ইউ কেৰ ডাণ্ডি বিশ্ববিদ্যালয়ৰ পৰা অস্থি ৰোগৰ অস্ত্ৰোপচাৰ সম্পৰ্কীয় সৰ্বোচ্চ গৱেষণা লব্ধ শিক্ষাপ্ৰাপ্ত চিকিৎসক। সমষ্টিটোৰ তৃতীয়গৰাকী প্ৰাৰ্থী তথা এন পি পিৰ মনোনীত নাজিয়া য়াছমিনো কাৰিকৰী শিক্ষাৰ লগতে ইংৰাজী সাহিত্যৰ আৰু বিজনেছ মেনেজমেন্ট পাঠ্যক্ৰমত উচ্চ শিক্ষিত।