/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/244917b0-8a01-4405-875d-1a8f338f290c/modi.jpg)
ডিজিটেল ডেস্কঃ 'শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উছৱৰ মধু আলোড়ণ...।' আজি গৰু বিহু। বৃহত্তৰ অসমীয়া জাতিৰ এই পবিত্ৰ দিনটোত অসমৰ পূণ্যভূমিত পদাৰ্পণ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/5a7a5357-589e-493c-96c0-4e6132dc599e/7c0411a9_00a9_4529_9a83_ae242ffccab4.jpg)
আজিৰ এই পবিত্ৰ দিনটোত তেওঁ অসমত উপস্থিত হৈয়েই অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। ইয়াৰ পাছতে কাৰ্যসূচী অনুসৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে চাংসাৰিস্থিত এইমছ মুকলি কৰে। এইমছৰ পৰাই ভাৰ্চুৱেলি নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়,নগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় উদ্বোধন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/a92aa3c6-8eb8-4c59-96d6-ef73c581b511/e4361530_7ec2_4101_8edc_cc1d23ec59b2.jpg)
উল্লেখ্য যে এইসমূহ কাৰ্যসূচীৰ পাছতে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত অংশগ্রহণ কৰে। এই অনুষ্ঠানত ভাগলৈ তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিজস্ব পৰিচয় আছে, ন্যায়ালয়ৰ ৭৫বছৰত অঞ্চলটোৰ ইতিহাসো জড়িত হৈ আছে বুলি মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/5becf7a2-998b-4260-b243-5951ca9e33d7/97007033_617a_4c11_ad7c_f972ea5c68aa.jpg)
ইয়াৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীক বশিষ্ঠৰ পৰা সৰুসজাইলৈকে বিশাল ৰেলীৰে আদৰি আনে। পথৰ দুয়ো কাষে হাজাৰ হাজাৰ লোকৰ সমাগমৰ মাজেৰে অহা এই ৰেলীত প্ৰধানমন্ত্ৰীগৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাজনো মন্ত্ৰীয়ে।
আবেলি ১১ হাজাৰৰো অধিক বিহুৱা-বিহুৱতীৰ মাজেৰে প্ৰধানমন্ত্ৰীগৰাকী সৰুসজাইত উপস্থিত হয় । ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভিডিঅ'ৰ মাধ্যমেৰে পলাশবাৰীৰ পৰা শুৱালকুছি সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত চাৰিলেনযুক্ত এক্সট্ৰা-ডজড দলঙৰ শুভাৰম্ভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/678a6872-57aa-4e4d-99aa-99018aff2e02/a8f99177_d9d0_481b_ae2f_a646bb1c941a.jpg)
ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে অন্যতম কাৰ্যসূচী ১১ হাজাৰ বিহুৱা-বিহুৱতীৰ দ্বাৰা প্ৰদৰ্শনৰে গীনিজ ৱৰ্ল্ড ৰেকংৰ্ডত অন্তৰ্ভুক্ত হোৱা বিহু উপভোগ কৰে। প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত বিহুৱতীসকলে মুগাৰ মেখেলা-চাদৰ,ৰঙা ৰিহা আৰু বিহুৱাসকলে কঁকালত টঙালি,মূৰত গামোচা বান্ধি, মুগা সাজ পৰিধান কৰি বিহু প্ৰদৰ্শন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/54573221-caa3-435b-a1b7-a1ac623cd158/764041a7_394d_45db_a880_a5fe65eb5d8a.jpg)
এনে দৃশ্য বিৰল। ইতিহাস সৃষ্টিকাৰী পৰিবেশৰ সূচনা হ'ল প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত। ঐতিহাসিক মূহুৰ্তৰ সাক্ষী হৈ ৰ'ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বিহুৱা-বিহুৱতীৰ চেৱত চেও দিয়াৰো চেষ্টা প্ৰধানমন্ত্ৰীগৰাকীৰ।
ৰৈ নাথাকিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও বিহুনামৰ সুৰত সুৰ মিলালে মুখ্যমন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানৰ পাছতে আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত গীনিজ কৰ্তৃপক্ষই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত গীনিজ ৰেকৰ্ডৰ প্ৰমাণ পত্ৰ অৰ্পণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/ca6a8a01-06dc-4940-9f98-13266196fefc/d474b7ad_afd6_4863_a4f1_c65d792fdd09.jpg)
অনুষ্ঠানত মোডীয়ে আওৰালে ৰূপকোঁৰৰ অমৰ সৃষ্টি "বিশ্ব বিজয়ী ন জোৱান..."শীৰ্ষক গীতৰ পংক্তি, লগতে তেওঁৰ মুখত ফুটি উঠিল বোকা চাউল,জহাচাউল,কাজি নেমুৰ বৰ্ণনা। অসমৰ দৈ,চিৰাৰ প্ৰসংগইয়ো ঠাই পালে প্ৰধানমন্ত্ৰীগৰাকীৰ ভাষণত। উল্লেখ কৰিলে বীৰ লাচিতৰ বীৰত্বৰ কথাৰ পৰা ভূপেন হাজৰিকাৰ প্ৰসংগ। তেওঁ মন্তব্য কৰে আজি সকলোৱে 'A FOR ASSAM'ৰ তাৎপৰ্য উপলবদ্ধি কৰিছে।
সৰুসজাইত অনুষ্ঠিত এনে বিৰল ক্ষণৰ সাক্ষী হৈ ৰ'ল প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,ৰামেশ্বৰ তেলী,সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ লগতে মন্ত্ৰীসভাৰ সদস্যসকল,বিধায়ক,সাংসদ আৰু আন আন বিশিষ্ট ব্যক্তিসকলৰ লগতে উপস্থিত থকা ৰাইজ।
Also Read: গুৱাহাটী হাই কৰ্টৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত অংশগ্রহণ প্ৰধানমন্ত্ৰীৰ...