ঈদৰ বজাৰত জুই চাই দাম, থমকি ৰ’ব লগা হৈছে সাধাৰণ জনতা

ঈদৰ বজাৰত জুই চাই দাম, থমকি ৰ’ব লগা হৈছে সাধাৰণ জনতা

author-image
asomiyapratidin
New Update
ঈদৰ বজাৰত জুই চাই দাম, থমকি ৰ’ব লগা হৈছে সাধাৰণ জনতা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ইছলামধৰ্মী লোক সকলে সম্পূৰ্ণ এমাহ ৰমজানৰ ৰোজা ৰখাৰ পাছত কাইলৈ বছেৰেকীয়া ঈদ উৎসৱ পালন কৰিব। সমগ্ৰ বিশ্বৰ লগতে অসমৰো ইছলাম ধৰ্মৰ লোক সকলে ঈদৰ প্ৰস্তুতি চলাইছে।

Advertisment

বিগত দুটা বৰ্ষত কৰোনা মহামাৰীৰ আতংকৰ বাবে অনুষ্টুপীয়াকে ইদ উদযাপন কৰাৰ পাছত এইবেলি মুকলি মনেৰে পবিত্ৰ ইদ উল ফিটৰ উৎসৱ পালনৰ বাবে ব্যপক উৎসাহ পৰিলক্ষিত হৈছে। কিন্ত সম্প্ৰতি মূল্যবৃদ্ধিৰ বাবে সাধাৰণ খাটিখোৱা লোক সকলে ইদ উদযাপন কৰিবলৈ গৈ থমকি ৰব লগা হৈছে।

বৰ্তমান বজাৰত মূল্যবৃদ্ধিৰ জুই, ব্যাপক হাৰত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। যোগান বিভাগক অস্তিত্বহীন কৰি নিয়ন্ত্ৰনহীন ভাৱে বৃদ্ধি হোৱা নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যই মাধমাৰ সোধাইছে সাধাৰণ জনতাক।

বিগত এটা মাহত ৰাজ্যৰ বজাৰত ঘটা অভাৱনীয় মূল্যবৃদ্ধিয়ে সকলোৰে চকু কপালত তুলিছে। ৰাজ্যৰ সাধাৰণ জনতাৰ দৃষ্টি ৰাজনৈতিক ৰণৰ নিৱদ্ধ থকাৰ সময়তে চতুৰ বণিয়াই গোপনে সকলো সামগ্ৰীৰে মূল্য বৃদ্ধি কৰিছে। আতা, মইদা, বুট, চেনি, দাইল, মিঠাতেল, ৰিফাইন, বিস্কুট, চাউল দৰে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দৰে কোনো কাৰণ নোহোৱাকৈয়ে বৃদ্ধি কৰা হৈছে লোকেল আৰু ব্ৰইলাৰ কুকুৰাৰ দাম। ছাগলীৰ মাংসৰ দামো হঠাৎ বৃদ্ধি কৰা হৈছে বজাৰত।

বিগত মাহটোত ব্ৰইলাৰ আৰু লোকেল কুকুৰাৰ দাম ১০০ পৰা ১৪০ টকা পৰ্যন্ত প্ৰতি কিলোত বৃদ্ধি কৰা হৈছে। ছাগলীৰ মাংসও প্ৰতি কিলোত ৫০টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছে। এই ক্ষেত্ৰত প্ৰশাসনেও গ্ৰহণ কৰে নীৰৱ ভূমিকা। যাৰ পৰিপ্ৰেক্ষিতত ঈদ পালনৰ ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজ ব্যাপক অসুবিধাৰো সন্মুখীন হৈ আহিছে। স্মৰ্তব্য যে, নিত্য ব্যৱহৃত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগে লগে পৰিবহণ ব্যয়ো বৃদ্ধি পাইছে। ফলত ভূতৰ ওপৰত দানহ পৰাদি সাধাৰণ ৰাইজে সকলো ফালৰ পৰা সৰ্বস্বান্ত হ'বলগীয়া হৈছে।

আৰু পঢ়ক: অসম গৌৰৱ নৃত্যৰত্ন ৰামকৃষ্ণ তালুকদাৰক 'বজালী ৰত্ন' উপাধি প্ৰদান

assam batadrava price hike