আদানীক বিহালী বনাঞ্চলৰ হাজাৰ বিঘা মাটি গতোৱাৰ চক্ৰান্ত! উচ্চ ন্যায়ালয়ৰ কাষ চাপিব চিপিআই ( এম এল)...

আদানীক বিহালী বনাঞ্চলৰ হাজাৰ বিঘা মাটি গতোৱাৰ চক্ৰান্ত! উচ্চ ন্যায়ালয়ৰ কাষ চাপিব চিপিআই ( এম এল)...
Published on
Updated on

ডিজিটেল সংবাদ, বিহালীঃ বুধবাৰে চিপিআই (এম-এল)ৰ বিশ্বনাথ জিলা কাৰ্যালয়ত দলৰ ৰাজ্যিক সম্পাদক বিবেক দাসে এক সংবাদ মেল সম্বোধন কৰি বিহালীৰ অসম অৰুণাচল সীমান্তৰ বিশ্বনাথৰ ১০ খন গাওঁ তাৰে বিহালীৰ দুখন গাওঁ বড়োলেণ্ডত অন্তৰ্ভুক্ত কৰি ওদালগুৰি জিলাত অন্তৰ্ভূক্ত কৰাৰ সিদ্ধান্তক গভীৰ ষড়যন্ত্ৰ হিচাপে অভিহিত কৰে ।

সংবাদ মেলত বিবেক দাসে কয় যে ২১ চেপ্তেম্বৰ তাৰিখে দিছপুৰৰ পৰা প্ৰেৰণ কৰা এখন চৰকাৰী জাননী যোগে বিশ্বনাথ জিলাৰ ১০ খন গাওঁৰ ভিতৰত বিহালীৰ বিহমাৰীৰ ১,৩,৪ আৰু ৫ নং ৱাৰ্ড আৰু তিনিসূতীৰ এখন গাওঁ বড়োলেণ্ডত অন্তৰ্ভুক্ত কৰা হয় আৰু কোনো আইনী প্ৰক্ৰিয়া অবিহনেই বিজেপি চৰকাৰ খনে স্থানীয় লোকক সম্পূৰ্ণ অন্ধকাৰত ৰাখি সচেতন নাগৰিক, বুৰঞ্জীবিদ কাৰো মতামত গ্ৰহণ নকৰাকৈয়ে এই অগণতান্ত্ৰিক সিদ্ধান্ত জাপি দিছে।

তেওঁ আৰু কয় যে কোনো গাও এটা নতুন প্ৰশাসনিক গোটত অন্তৰ্ভুক্ত কৰিবলৈ হ'লে এটা আয়োগ গঠন কৰাটো সাংবিধানিক বাধ্যবাধকতা। এই আয়োগে সাংস্কৃতিক, ভৌগোলিক আৰু আবেগিক বিষয়বোৰ বিবেচনা কৰি আৰু অঞ্চলটোৰ সকলো জনগোষ্ঠীৰ লোকৰ মতামত লৈ শুনানি গ্ৰহণ কৰাৰ পিছতহে অন্তৰ্ভুক্তিৰ সিদ্ধান্ত লোৱাটো নিয়ম। শ্ৰীদাসে কয় যে চৰকাৰে এই প্ৰক্ৰিয়া গ্ৰহণ কৰা নাই আৰু সেয়ে মহামান্য উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলি সংবাদ মেলত সদৰী কৰে।

দাসে কয় যে এই অঞ্চল সমূহ ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত হোৱাৰ পিছত তাত বসবাস কৰা অজনজাতীয় লোকৰ ভূমিৰ অধিকাৰ , অন্যান্য অধিকাৰ কেনেদৰে থাকিব নে ট্ৰাইবেল ব্লকৰ দৰে হ'ব এই সকলোখিনি চৰকাৰে স্পষ্ট কৰা নাই আৰু অনিশ্চয়তাত ৰাখিছে।গুৰুত্বপূৰ্ণ আৰু এটা বিষয় যে, এই অঞ্চলত অৰুণাচলী লোকৰ আগ্ৰাসনৰ বিৰুদ্ধে চিপিআই (এম-এল)য়ে ২০১৪ চনত বৃহৎ আন্দোলন চলাইছিল আৰু অসমৰ ৰাইজে ব্যাপক সমৰ্থন জনাইছিল।

১৫ জন অসমীয়া লোক শ্বহীদ হৈছিল আৰু এই আন্দোলনৰ ফলত ১০ হাজাৰতকৈ অধিক বিঘা ভূমি অৰুণাচলৰ দখলৰ পৰা মুক্ত কৰিব পৰা গৈছিল। দাসে কয় যে এই সমস্ত এলেকা এতিয়া বড়োলেণ্ড এলেকাৰ অন্তৰ্ভুক্ত হ'ল আৰু এতিয়া লাখটকীয়া প্ৰশ্নটো হ'ল যে ডিমা হাছাও বা কাৰ্বি আংলঙৰ দৰে এই হাজাৰ হাজাৰ বিঘা মাটি আদানী বা ৰিনিকি ভূঞাক গতাব নেকি, সন্দেহ ঘনীভূত হৈছে।

গতিকে বিহালীবাসী ৰাইজ আৰু সকলো গণতান্ত্ৰিক সংগঠনেক বিজেপি চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰিবলৈ চিপিআই (এম-এল)য়ে আহ্বান জনাইছে , চৰকাৰৰ এই ষড়যন্ত্ৰ ৰোধ কৰিবলৈ বিজেপিক এই উপ-নিৰ্বাচন নিৰ্বাচনত পৰাস্ত কৰিবলৈ আহ্বান জনাইছে। ।আজিৰ সংবাদ মেলত চিপিআই (এম-এল)ৰ ৰাজ্যিক সম্পাদক বিবেক দাসৰ লগত ৰাজ্যিক সদস্য অনন্ত হাজৰিকা আৰু চিপিআই ( এম-এল) ৰ বিশ্বনাথ জিলা সমিতিৰ প্ৰাক্তন সম্পাদক লীলা শৰ্মা উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in