সদৌ অসম আমন্ত্ৰণমূলক ‘সপ্ত ছহিদ সোঁৱৰণী একাংক নাটক প্ৰতিযোগিতা’ৰ প্ৰস্তুতি সম্পূৰ্ণ

সংবাদ মেলৰ জৰিয়তে তেওঁলোকে সদৌ অসম আমন্ত্ৰণমূলক ‘সপ্ত ছহিদ সোঁৱৰণী একাংক নাটক প্ৰতিযোগিতা’ৰ প্ৰস্তুতি সম্পূৰ্ণ হোৱা বুলি প্ৰকাশ কৰে৷

author-image
Asomiya Pratidin
New Update
সদৌ অসম আমন্ত্ৰণমূলক ‘সপ্ত ছহিদ সোঁৱৰণী একাংক নাটক প্ৰতিযোগিতা’ৰ প্ৰস্তুতি সম্পূৰ্ণ

ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড় ৰিফাইনেৰী এমপ্লইজ ইউনিয়নে দেওবাৰে এখন সংবাদমেল আয়োজন কৰে। এই সংবাদ মেলৰ জৰিয়তে তেওঁলোকে সদৌ অসম আমন্ত্ৰণমূলক ‘সপ্ত ছহিদ সোঁৱৰণী একাংক নাটক প্ৰতিযোগিতা’ৰ প্ৰস্তুতি সম্পূৰ্ণ হোৱা বুলি প্ৰকাশ কৰে৷

Advertisment

মুখ্য আহ্বায়ক প্ৰণৱজ্যোতি শইকীয়া, কাৰ্যকৰী সভাপতি ৰিপুণ শইকীয়া, সাধাৰণ সম্পাদক বিনোদ গগৈয়ে আজি সন্ধিয়া নুমলীগড় শোধনাগাৰৰ কুঞ্জকাননস্থিত ইউনিয়নৰ কাযাৰ্লয়ত সংবাদমেল সম্বোধন কৰি কয় যে নুমলীগড় ৰিফাইনেৰী এম্‌প্লইজ ইউনিয়নৰ উদ্যোগত আৰু নুমলীগড় শোধনাগাৰৰ পৃষ্ঠপোষকতাত আয়োজিত সদৌ অসম আমন্ত্ৰণমূলক ‘সপ্ত ছহিদ সোঁৱৰণী ষষ্ঠ বাৰ্ষিক একাংক নাটক প্ৰতিযোগিতা’ত ৰাজ্যখনৰ ১৪টা দলে যোগদান নিশ্চিত কৰিছে৷

ইতিমধ্যে আয়োজক সমিতিয়ে ইয়াৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷ ক্ৰমাংক অনুসৰি, ২৮ ডিচেম্বৰত পংকাস্থিত সপ্ত ছহিদৰ সমাধি ক্ষেত্ৰত স্মৃতি তৰ্পন কৰাৰ লগতে ছহিদৰ পৰিয়ালক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ’ব৷ ইয়াৰ পিচতে নুমলীগড় আঞ্চলিক মইনা পাৰিজাতে ‘সফলাতৰ চাবিকাঠি’, মংগলদৈৰ জেংৰাই নাট্যদলে ‘ডিগনিটি অৱ লেবাৰ’, নলবাৰীৰ প্ৰজন্মই ‘নিংনি’, যোৰহাটৰ কল্যাণী থিয়েটাৰে ‘সৎকাৰ’, বিশ্বনাথ চাৰিআলিৰ গামোছা নাট্যদলে ‘অস্তৰাগ’ আৰু সাৰ্বজনীন কেন্দ্ৰ নুমলীগড়ে ‘বান’ নাটকেৰে প্ৰতিযোগিতাত নামিব৷ আনহাতে, ২৯ ডিচেম্বৰত বোকাখাতৰ সাৰথি নাট্যদলে ‘ভেকুৱাম’, লক্ষীমপুৰৰ ইংগিত নাট্যদলে ‘দেৱদাসী’, গুৱাহাটীৰ শিল্প চ’ৰাই নাট্যদলে ‘ভয়’, চৰাইদেউৰ ছন্দ নাট্যগোষ্ঠীয়ে ‘বদহজম’, নগাঁৱৰ ভাস থিয়েটাৰে ‘দেউতা’, দুলীয়াজানৰ কঠীয়া মাইম এণ্ড ড্ৰামা একাডেমীয়ে ‘ভায়োলিন’, বোকাখাতৰ নব্য নাট্যকম¹য়ে ‘বনচাই’ আৰু গুৱাহাটীৰ ৰংগৰাগ নাট্যদলে ‘জোনটি ওলালে তৰাটি ওলাব’ নাটক ৰূপায়িত কৰিব৷ প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি বোলছবি পৰিচালক, প্ৰযোজক, নাট্যকাৰ দীনেশ গগৈ আৰু নুৰুল চুলতানক সম্বৰ্ধনা জনোৱা হ’ব৷

উক্ত অনুষ্ঠানত বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া, পূৰ্ণিমা পাঠক শইকীয়া, জয়ন্ত ভাগৱতী, গীতাৱলী ৰাজকুমাৰী, আছুৰ মুখ্য উপদেষ্টা ড॰ সমূজ্জল কুমাৰ ভট্টাচাৰ্য, বিশিষ্ট নাট্যকাৰ ড॰ নৰেন পাটগিৰি, নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকনকে আদি কৰি শোধনাগাৰৰ জ্যেষ্ঠও বিষয়াবৰ্গ উপস্থিত থাকিব৷ উল্লেখ্য যে অসম আন্দোলনৰ ৮৫৫ জন ছহিদৰ ভিতৰৰে অন্যতম এই সপ্ত ছহিদ।

অসম আন্দোলনৰ ফলশ্ৰুতিত প্ৰতিষ্ঠিত নুমলীগড় শোধনাগাৰ এমপ্লইজ ইউনিয়নে আয়োজন কৰি অহা 'সপ্ত ছহিদ সোঁৱৰণী অনুষ্ঠান'ৰ বিভিন্ন মহলে শলাগ লৈছে। ইপিনে অনুষ্ঠানত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৰে উপস্থিতি তথা সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে বুলিও উদ্যোক্তাসকলে প্ৰকাশ কৰে৷

আৰু পঢ়ক: ফিফা ট্ৰফী উন্মোচন দিপীকা পাডুকনৰ, প্ৰথম গৰাকী ভাৰতীয় হিচাপে কৰিলে গৌৰৱান্বিত...

assam numaligarh