'কনকলতা বিশ্ববিদ্যালয় আমাক লাগিবই'- গহপুৰৰ অফৰাখাটত সংবাদমেল

'কনকলতা বিশ্ববিদ্যালয় আমাক লাগিবই'- গহপুৰৰ অফৰাখাটত সংবাদমেল

author-image
Asomiya Pratidin
New Update
'কনকলতা বিশ্ববিদ্যালয় আমাক লাগিবই'- গহপুৰৰ অফৰাখাটত সংবাদমেল

'কনকলতা বিশ্ববিদ্যালয়" আমাক লাগিবই'- গহপুৰৰ অফৰাখাটত সংবাদমেল

ডিজিটেল সংবাদ ছয়দুৱাৰ: "কনকলতা বিশ্ববিদ্যালয় আমাক লাগিবই। এই মহান অনুষ্ঠানক লৈ অযথা বিতৰ্ক নকৰিব।অফৰাখাটৰ সত্ৰৰ ভূমিত ইটা ভাটা বা বাণিজ্য কেন্দ্ৰ খুলিব বিচৰা নাই।শৈক্ষিক ব্যৱস্থাৰ আটাইতকৈ উচ্চ প্ৰতিষ্ঠান বিশ্ববিদ্যালয় স্থাপন কৰিব বিচৰা কাৰ্য্যক আমি অফৰাখাটৰ যুৱ সমাজে পূৰ্ণ সমৰ্থন জনাইছো আৰু সমৰ্থন জনাই যাম...।'' এই আহ্বানেৰে আজি বিয়লি প্ৰায় ৩-৩০ বজাত গহপুৰ মহকুমাৰ অন্তৰ্গত অফৰাখাটত এখন সংবাদমেল সম্বোধন কৰি কনকলতা বিশ্ববিদ্যালয় স্থাপনৰ সপক্ষে একাধিক যুৱকে নিজৰ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

Advertisment

অফৰাখাট গাঁৱৰ মুষ্টিমেয় কেইজনমান লোকে নিজৰ ক্ষুদ্ৰ স্বাৰ্থত যোৱা ১০ অক্টোবৰত অফৰাখাট ৰংগমঞ্চত এখন সংবাদ মেল সম্বোধন কৰি উপযুক্ত ক্ষতিপূৰণ নাপালে সত্ৰৰ ভোগ দখল কৰি থকা মাটি এৰি নিদিয়াৰ হুংকাৰ দি সমগ্ৰ ব্যৱস্থাটোৰ ওপৰত এক নেতিবাচক প্ৰভাৱ পেলোৱাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল বৃহত্তৰ অঞ্চলটোত। যাৰবাবে আজি একেখন গাঁৱৰ(অফৰাখাট) যুৱ সমাজ ঐক্যবদ্ধ হৈ একেস্থানতে এখন সংবাদ মেল সম্বোধন কৰি কনকলতা বিশ্ববিদ্যালয়ৰ স্থাপনৰ সপক্ষে আনুষ্ঠানিক বক্তব্য প্ৰদান কৰি নিকৃষ্ট মানসিকতাৰ একাংশ লোকৰ ভুৱা প্ৰচাৰে যাতে এটা ঐতিহাসিক পদক্ষেপক থানবান কৰি তুলিব নোৱাৰে তাৰ বাবে ঐক্যবদ্ধ হৈ ওলাই আহে।

স্থানীয় সমাজ সচেতন যুৱক দীপজ্যোতি নাথ,বিকাশ নাথ,হেমন্ত নাথ,বাসৱ নাথ,পবিত্ৰ নাথ,অনুৰাগ নাথ,ৰাজীৱ নাথ,শ্যামল প্ৰধান বিপিন নাথ,দেৱ মহন্ত,পাপু নাথ,কাৰিচৰণ প্ৰধান,পল্লৱ নাথ,জয়ন্ত নাথ,চন্দ্ৰ প্ৰধান,দিল বাহাদুৰ প্ৰধান,দীপেন প্ৰধান, পোৱাল লাহনকে ধৰি শতাধিক যুৱক আৰু দুই এক জ্যেষ্ঠ ব্যক্তি, কেইবাগৰাকী যুৱতী,মহিলা উপস্থিত থাকি সংবাদ মেলখনৰ জৰিয়তে তেওঁলোকে কয় যে, অফৰাখাট গাঁৱৰ যুৱ সমাজৰ অজ্ঞাতে যোৱা ১০ অক্টোবৰত একাংশ মুষ্টিমেয় লোকে এখন সংবাদ মেল অনুষ্ঠিত কৰি কনকলতা বিশ্ববিদ্যালয়ৰ স্থানক লৈ অযথা বিতৰ্কৰ সূত্ৰপাত কৰা কাৰ্য্য সঁচাকৈয়ে গৰিহণাৰ যোগ্য।

ইয়াত কোনো ইটা ভাটা বা বাণিজ্য কেন্দ্ৰ স্থাপন কৰিব বিচৰা নাই।বিশ্ববিদ্যালয়খন হ'লে বৃহত্তৰ অঞ্চলটোৰ সামাজিক, শৈক্ষিক আৰু ব্যৱসায়িক বাতাবৰণ সলনি হৈ পৰিব বুলি উল্লেখ কৰি সংবাদ মেলখনৰ জৰিয়তে অফৰাখাট গাঁৱৰ যুৱ সমাজে কয় যে, যেতিয়া গহপুৰত কনকলতা বিশ্ববিদ্যালয় হ'ব বুলি ঘোষণা হৈছিল তেতিয়া অফৰাখাট গাঁৱৰ দুজনমান ৰাজনৈতিক নেতাই "আমি বিশ্ববিদ্যালয়খন ইয়াত পাতিবলৈ আপ্ৰাণ চেষ্টা কৰিছো" বুলি কৈ স্থানীয় দুই এক যুৱকক মন্ত্ৰণা দিছিল। কিন্তু যেতিয়াই অফৰাখাটৰ সত্ৰৰ ভূমিত বিশ্ববিদ্যালয়খন স্থাপনৰ বাবে এক প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ ল'লে তেতিয়া সেই নেতাসকলে বিশ্ববিদ্যালয়খন কলাবাৰীতহে প্ৰতিষ্ঠা হ'ব বুলি এক ভুৱা প্ৰচাৰ চলাই ইয়াৰ পৰা বিশ্ববিদ্যালয়খন কলাবাৰীলৈ গুছি গ'ল বুলি কৈ সমগ্ৰ ব্যৱস্থাটোক বিপথে পৰিচালিত কৰিবলৈ চক্ৰান্ত আৰম্ভ কৰিবলৈ ল'লে।

আনকি বিশ্ববিদ্যালয়খন হ'লে বানপানী হ'ব,মদৰ বটলে গাঁও নধৰা হ'ব আদি বিভিন্ন অপ্ৰাসংগিক কথা কৈ গাঁওখনৰ একাংশ সহজ-সৰল লোকক ভুল পথে পৰিচালিত কৰিবলৈ কৌশল অৱলম্বন কৰিলে নেতাসকলে।সংবাদমেলখনৰ জৰিয়তে অফৰাখাটৰ যুৱ সমাজে নেতিবাচক চিন্তাৰ ব্যক্তিসকলক ভগৱানে সুমতি প্ৰদান কৰিবলৈ প্ৰাৰ্থনা জনাই এই মহান অনুষ্ঠানটোক লৈ অযথা বিতৰ্ক নকৰিবলৈ তেওঁলোকক কৰযোৰে অনুৰোধ জনায়।

সমাজ পাতি বাস কৰা জীৱশ্ৰেষ্ঠ মানুহে সদায় পোহৰ বিচাৰি আগুৱাই যাব লাগে।প্ৰস্তাৱিত বিশ্ববিদ্যালয়খনে পোহৰাই তুলিব সমগ্র অঞ্চল।তেনেক্ষেত্ৰত পোহৰক বিনাশ কৰিব বিচৰা কাৰ্য্য যুৱ সমাজৰ বাবে অতি দুৰ্ভাগ্যজনক বুলি তেওঁলোকে উল্লেখ কৰি তেওঁলোকৰ পৰিয়ালৰ দখলীকৃত সত্ৰৰ ভূমি বিশ্ববিদ্যালয়খন স্থাপনৰ স্বাৰ্থত মুক্ত মনেৰে এৰি দিবলৈ অফৰাখাটৰ যুৱ সমাজ আগবাঢ়ি অহা বুলি সংবাদ মেলখনৰ জৰিয়তে উল্লেখ কৰে।

তদুপৰি যিসকলৰ দখলীকৃত ভূমি নাই সেই যুৱকসকলে আৰ্থিক ভাৱে সহায় কৰিবলৈ বদ্ধ পৰিকৰ বুলি উল্লেখ কৰে।ইপিনে সংবাদ মেলত উপস্থিত থকা কালিচৰণ প্ৰধানে তেওঁৰ নিজা ম্যাদী মাটি দিবলৈয়ো আগবাঢ়ি অহাৰ কথা সদৰী কৰে। অফৰাখাট গাঁৱৰ যুৱ সমাজে আজি অনুষ্ঠিত কৰা এই সংবাদ মেলখনে এক ইতিবাচক প্ৰভাৱ পেলাইছে বৃহত্তৰ অঞ্চলটোত। তেওঁলোকৰ এই পদক্ষেপক আদৰণি জনাইছে সকলো ৰাইজে।

Also Read: ৰাষ্ট্ৰীয় পৰ্যায়ত খুমটাইৰ ছাত্ৰৰ সফলতাঃ লাভ কৰিৰেল ৫১ লাখ টকা, লেপটপ, ম'বাইল আৰু বহু উপহাৰ...

গহপুৰ কনকলতা বিশ্ববিদ্যালয়