বড়ো জনগোষ্ঠীয় লোকক কৰা নিৰ্যাতন বন্ধ কৰাৰ দাবীত ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেশ্যন, অসমৰ সংবাদ মেল

author-image
Asomiya Pratidin
New Update
বড়ো জনগোষ্ঠীয় লোকক কৰা নিৰ্যাতন বন্ধ কৰাৰ দাবীত ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেশ্যন, অসমৰ সংবাদ মেল

ডিজিটেল সংবাদ, চিৰাং : জনজাতি বেষ্টনী আৰু আবেষ্টনী সমূহ বেদখলমুক্ত কৰা আৰু বিটিআৰ এলেকাত সশস্ত্ৰ কে এল অ' ৰ নাম লৈ বড়ো জনগোষ্ঠীয় লোকৰ ওপৰত চলোৱা নিৰ্যাতন বন্ধ কৰাৰ দাবীত চিৰাঙৰ কাজলগাঁৱত ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেশ্যন, অসমে সংবাদ মেল অনুষ্ঠিত কৰে । কাজলগাঁৱৰ দুৱাৰ্চ অতিথিশালাত আয়োজিত আজিৰ সংবাদ মেল সম্বোধন কৰি ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেশ্যন, অসমৰ সভাপতি মাৰ্কচ বসুমতাৰীয়ে অভিযোগ উত্থাপন কৰে যোৱা ২৮ অক্টোবৰ তাৰিখ নিশাৰ ভাগত কোকৰাঝাৰ জিলাৰ সাপকাটাত এটা চক্ৰই কে এল অ' ৰ নাম লৈ মাৰণাস্ত্ৰৰে বড়ো জনগোষ্ঠীয় জীতেন্দ্ৰ নাৰ্জাৰীক হত্যা কৰাৰ চেষ্টা চলোৱা ঘটনাক তীব্ৰ গৰিহণা দিয়ে ।

Advertisment

উক্ত ঘটনাৰ আৰঁত দুষ্ট চক্ৰটোয়ে বিটিআৰ এলেকাত পুনৰ ভ্ৰাতৃত্ববোধ বিনষ্ট কৰি এটা অশান্তিৰ পৰিৱেশ সৃষ্টি কৰাৰ চক্ৰান্ত চলাই থকাৰ সন্দেহ প্ৰকাশ কৰে । সেয়ে আৰক্ষী প্ৰশাসনে অতি সোনকালে উক্ত ঘটনাৰ সৈতে জড়িত অপৰাধীক কৰায়ত্ব কৰাৰ দাবী উত্থাপন কৰে ।

আজিৰ সংবাদ মেলত জনজাতি বেষ্টনী আৰু আবেষ্টনী সমূহ বেদখল কৰা সন্দৰ্ভত কয় যে অসমৰ ভূমি ৰাজহ অধিনিয়ম আইন ১৮৮৬ ৰ অনুচ্ছেদ নং ১০ ৰ ওপৰত ভিত্তি কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশ অনুযায়ী অজনজাতিৰ লোকৰ দ্বাৰা অবৈধ ভাবে বেদখল কৰি ৰখা ট্ৰাইবেল বেল্ট আৰু ব্লক সমূহ বেদখলমুক্ত কৰাৰ দাবী উত্থাপন কৰে ।

আজিৰ সংবাদ মেলত সংগঠনটোৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দুলাল ব্ৰহ্ম, কেন্দ্ৰীয় সদস্য ফুংখা নাৰ্জাৰী , চিৰাং জিলা যুৱ সমিতিৰ সভাপতি বিকাশ বসুমতাৰী উপস্থিত থাকে ।

assam chirang