/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/nps-jonai.jpg)
ডিজিটেল সংবাদ, জোনাইঃ চৰকাৰে ২০০৪ চনৰ পৰা প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় পেন্সন নীতি চমুকৈ এন পি এছৰ ফলত অৱসৰকালীন সময়ত চৰকাৰী শিক্ষক-কৰ্মচাৰীসকলৰ অৰ্থনৈতিক জীৱন সুৰক্ষিত নহয়। সদৌ অসম এন পি এছ কৰ্মচাৰী সংস্থাৰ জোনাই জিলা সমিতিৰ সম্পাদক উপেন পেগুৱে আজি এক সংবাদমেলত উক্ত মন্তব্য কৰে।
উল্লেখযোগ্য যে আজি ৰাষ্ট্ৰীয় পেন্সন নীতি বাতিলৰ দাবী সৰ্বাত্মক কৰ্মবিৰতি পালন কৰাৰ পিছত জোনাই মহকুমা এন পি এছ সংস্থাই জোনাই সদৰৰ ঙাচাৰচুক উকোমত আয়োজন কৰা সংবাদমেলত সংস্থাৰ সম্পাদক উপেন পেগুৱে লগতে কয়- শিক্ষক-কৰ্মচাৰীসকলৰ দৰমহা পৰা কৰ্তন কৰি ৰখা টকাৰ পৰা অৱসৰৰ সময়ত প্ৰথমতে ৬০ শতাংশ ধন ঘূৰাই দিয়াৰ পিছত বাকী ৪০ শতাংশ ধন বিভিন্ন শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰা হয়। কিন্তু শ্বেয়াৰ মাৰ্কেটত কোম্পানীবোৰে পৰবৰ্তী সময়ত নিজৰ খেয়াল খুচি মতে কাম কৰা বুলি মন্তব্য কৰে।
ফলত চৰকাৰী শিক্ষক-কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱন সুৰক্ষিত কৰাৰ বাবে ৰাষ্ট্ৰীয় পেন্সন নীতি বাতিল কৰি পুৰণা পেন্সন নীতি পুনৰ প্ৰৱৰ্তনৰ দাবী জনায়। ইপিনে সংবাদমেলত জোনাই মহকুমা এন পি এছ সংস্থাৰ উপদেষ্টা ভূমিধৰ বড়োৱে ৰাষ্ট্ৰীয় পেন্সন নীতিৰ ফলত পেন্সনৰ সময়ত চৰকাৰী শিক্ষক-কৰ্মচাৰীসকলৰ কোনো নিৰাপত্তা নাই বুলি উল্লেখ কৰি তেওঁ পেন্সনৰ সময়ত বহু শিক্ষকে ৭ শ টকাকৈ পেন্সন লাভ কৰাৰ কথা উল্লেখ কৰি চিলিণ্ডাৰ এটাও ক্ৰয় কৰি নোৱৰাত শিক্ষকৰ অৱসৰকালীন জীৱন পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হয় বুলি মন্তব্য কৰে।
তদুপৰি তেওঁ কয়- দেশৰ অ-বিজেপি শাসনাধিষ্ঠিত ৰাজ্যত পুৰণা পেন্সন নীতি পুনৰ প্ৰৱৰ্তনৰ কৰিব পাৰে যদিও বি জে পি শাসনাধিষ্ঠত ৰাজ্যত কিয় নোৱাৰে বুলি প্ৰশ্ন কৰে। জোনাই মহকুমা এন পি এছ সংস্থাৰ সহকাৰী সম্পাদক প্ৰতুল পেগুৱে সংবাদমেলত ৰাষ্ট্ৰীয় পেন্সন নীতি বাতিলৰ দাবীত আজি সমগ্ৰ অসমৰ লগতে জোনাইৰ মহকুমাটো সৰ্বাত্মক কৰ্মবিৰতি পালন কৰাৰ কথা সদৰী কৰি চৰকাৰী কৰ্মচাৰীৰ অৱসকালীন জীৱন সুৰক্ষা বাবে পুৰণা পেন্সন নীতি পুনৰ প্ৰৱৰ্তনৰ দাবী জনায়। অন্যথা এন পি এছৰ ফলত বহু চৰকাৰৰ কৰ্মচাৰী বৃদ্ধাশ্ৰমত আশ্ৰয় গ্ৰহণ কৰিব লাগিব বুলি মন্তব্য কৰে।
সংস্থাৰ সাংগঠনিক সম্পাদক কস্মিতা পেগুৱে সংবাদমেলত চাকৰি পোৱাৰ পিছত ৰাষ্ট্ৰীয় পেন্সন নীতিয়ে কৰ্মচাৰীসকলক অৱসকালীন জীৱনৰ দুৰ্বিষহ কৰা বুলি মন্তব্য কৰে। ইপিনে আজি জোনাই মহকুমাৰ সকলো শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীসকলে এন পি এছ বাতিল আৰু পুৰণা পেন্সন নীতি পুনৰ প্ৰৱৰ্তনৰ দাবীত সৰ্বাত্মক কৰ্মবিৰতি পালন কৰে। সংবাদমেলত জোনাই মহকুমা এন পি এছ কৰ্মচাৰী সংস্থাৰ উপদেষ্টা শংকৰ মিলি, জগদীশ মহন্ত, প্ৰচাৰ সম্পাদক বিজয় বৰি, ৰমেন দলে, কৃষ্ণ সোণোৱাল, দেৱজিৎ পেগু আদিয়ে উপস্থিত থাকে।