Advertisment

অসম আৰক্ষীৰ ১৫ গৰাকী বিষয়া, জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক...

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত দেশৰ ৰাষ্ট্ৰপতিয়ে আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা, সংশোধনমূলক সেৱাসমূহৰ বাবে ঘোষণা কৰিছে আৰক্ষীৰ বিভিন্ন পদক।

author-image
Asomiya Pratidin
New Update
অসম আৰক্ষীৰ ১৫ গৰাকী বিষয়া, জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক...

ডিজিটেল ডেস্কঃ পূৰ্বৰ দৰেই গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত দেশৰ ৰাষ্ট্ৰপতিয়ে আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা, সংশোধনমূলক সেৱাসমূহৰ বাবে ঘোষণা কৰিছে আৰক্ষীৰ বিভিন্ন পদক। পূৰ্বৰ দৰে এইবাৰ অসমৰ আৰক্ষীৰ কেইবাজনো বিষয়া, জোৱানে লাভ কৰিছে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক।

Advertisment

৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ঘোষণা কৰা ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক লাভ কৰিছে ১৫ জনকৈ আৰক্ষীয়ে। ইয়াৰে এগৰাকীয়ে বিশিষ্ট সেৱাৰ বাবে আৰু ১৪ গৰাকীয়ে উৎকৃষ্ট সেৱাৰ বাবে এই পদক লাভ কৰিছে।

এইবাৰ অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ইন্দ্ৰাণী বৰুৱাই লাভ কৰিছে ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱাৰ পদক। চুবুৰীয়া অৰুণাচল প্ৰদেশৰ এডিজিপি বিবেক কিশোৰেও লাভ কৰিছে ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱাৰ পদক। 

সেইদৰে ৰাষ্ট্ৰপতিৰ উৎকৃষ্ট সেৱা পদক লাভ কৰিছে ক্ৰমে অসম আৰক্ষীৰ মহা পৰিদৰ্শক ৰফিউল আলম লস্কৰ, প্লাটুন কামাণ্ডাৰ প্ৰশান্ত হাতীবৰুৱা, উপ-আৰক্ষী অধীক্ষক উপেন কলিতা, উপ-পৰিদৰ্শক উপেন্দ্ৰ ৰয়, উপ-পৰিদৰ্শক চিত্রমোহন ৰাভা, সহকাৰী উপ-পৰিদৰ্শক হেমেন ভূঞা, পৰিদৰ্শক বলোৰাম চাওদাং, হাবিলদাৰ হেৰেম্ব নাথ, উপ-পৰিদৰ্শক বিবেকানন্দ শৰ্মা, সহকাৰী উপ-পৰিদৰ্শক বিষ্ণু প্ৰসাদ চেত্রী, হেড কনিষ্টবল দীপক কাকতি, হেড কনিষ্টবল শংকু চৌধুৰী, নায়ক বাপধন ৰাজবংশী আৰু কনিষ্টবল গজেন মৰাণে। 

ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক লাভ কৰা এইসকল বিষয়া, জোৱনালৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছে। 

অসম আৰক্ষী গণৰাজ্য দিৱস ৰাষ্ট্ৰপতিৰ পদক