ডিজিটেল সংবাদ, ধুবুৰী : মঙলবাৰে ধুবুৰী জিলা বাৰ্তাজীৱী সংঘৰ কাৰ্যালয়ত অগ্ৰণী সামাজিক সংগঠন কল্পজ্যোতি ফাউণ্ডেচনে ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপনৰ প্ৰস্তুতি সম্পৰ্কে সংবাদমেলৰ জৰিয়তে ইয়াৰ বিৱৰণ দাঙি ধৰে। কল্পজ্যোতি ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক সভাপতি ছায়ন সাহাই কয় যে, প্ৰতি বছৰৰ দৰে এইবাৰো কল্পজ্যোতি ফাউণ্ডেচনে স্বামী বিবেকানন্দৰ জন্মবাৰ্ষিকীত ১০ জানুৱাৰীৰ পৰা ১৩ জানুৱাৰীলৈ ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰিব।
তেওঁ লগতে কয়- এই দিৱস ধুবুৰী জিলাৰ গৌৰীপুৰৰ ওচৰত থকা নেচনেল বয়েজ ক্লাবৰ চৌহদত অনুষ্ঠিত হ'ব। অহা ১০ জানুৱাৰীৰ পৰা ১৩ জানুৱাৰীলৈকে অনুষ্ঠিত হ'বলগীয়া বিভিন্ন অনুষ্ঠানত কল্পজ্যোতি ফাউণ্ডেচনে ৰাইজৰ অংশগ্ৰহণ আৰু সহযোগিতা কামনা কৰিছে।
এই উপলক্ষে অহা ১০ জানুৱাৰীৰ দিনা বিয়লি ২-০০ বজাৰ পৰা বিনামূলীয়া চিকিৎসা শিবিৰ আৰু কম্বল দান শিবিৰ অনুষ্ঠিত হ'ব। ১১ জানুৱাৰীত বিয়লি ২-০০ বজাৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰাৰ লগতে ১২ জানুৱাৰীত পুৱা ১০-০০ বজাৰ পৰা কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব।
একেদৰে ১৩ জানুৱাৰীৰ পুৱা ১০-৩০ বজাৰ পৰা আৰম্ভ হ'ব মূল অনুষ্ঠান। মূল অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকিব পশ্চিমবংগৰ ৰাধাকৃষ্ণ বিবেকানন্দ সেৱাশ্ৰমৰ স্বামী ভিগ্যানন্দ তীৰ্থই। ইয়াৰ লগতে ১৩ জানুৱাৰীত সন্ধিয়া ৬-০০ বজাৰ পৰা নৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে বুলি তেঁও জানিবলৈ দিয়ে।