শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ : ওদালগুৰিত মহাৰজত জয়ন্তীৰ প্ৰস্তুতি

শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ : ওদালগুৰিত মহাৰজত জয়ন্তীৰ প্ৰস্তুতি
Published on
Updated on

ডিজিটেল সংবাদ ওদালগুৰিঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱটি এইবেলি ওদালগুৰিত মহাৰজত জয়ন্তী হিচাপে পালন কৰিবলৈ আয়োজন কৰা হৈছে। ৫৭৪ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন সমিতিৰ আহ্বান মৰ্মে দেওবাৰে আবেলি স্থানীয় শংকৰদেৱ মিচন মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত এখন ৰাজহুৱা সাধাৰন সভা অনুষ্ঠিত হৈ যায়।

বিগত বৰ্ষৰ সভাপতি ডালিম বায়নৰ সভাপতিত্বত অনুষ্ঠিত সভাত সম্পাদক মিনেন দাসে বিগত বৰ্ষৰ হিচাপ-নিকাচ আৰু প্ৰতিবেদন দাখিল কৰে। মহাপুৰুষজনাৰ আবিৰ্ভাৱ মহেৎসৱটি ওদালগুৰিত পালন কৰি এইবেলি ৭৫ বছৰত ভৰি দিয়ে।

সেয়ে মহাপুৰুষজনাৰ আবিৰ্ভাৱ মহোৎসৱটি এইবেলি মহাৰজত জয়ন্তী হিচাপে পালন কৰিবলৈ উক্ত সভাই সিদ্ধান্ত গ্ৰহণ কৰে। উক্ত সভাতে এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হয়।

ফনীন্দ্ৰ নাথ সুত্ৰধাৰক সভাপতি, ৰনজিৎ দাসক কাৰ্যকৰী সভাপতি,খগেন্দ্ৰ নাথ চৌধুৰী,হেমেন চৌধুৰী, ধনজিৎ দাস, পুলিন দাস, মিনেন দাস, গৌতম জ্যোতি তালুকদাৰক উপ-সভাপতি, গুণজিৎ দাসক সাধাৰণ সম্পাদক,ৰুবুল ওজা,নৱজিৎ ভড়ালী আৰু বনফুল বায়নক সহকাৰী সম্পাদক, মন্টু কুমাৰ দাসক সাংস্কৃতিক সম্পাদক,আৰু নৰেশ্বৰ ডেকা, ডালিম বায়ন, ধনঞ্জয় দাস, ধীৰেন দাস, শশীমোহন দাস সুচেন ওজা আৰু বিবেক দাসক উপদেষ্টা হিচাপে লৈ এই শক্তিশালী উদযাপন সমিতিখন গঠন কৰা হয়। ইয়াৰোপৰি অঞ্চলটোৰ সক্ৰিয় কৰ্মী তথা সাংস্কৃতিক কৰ্মীসকলক লৈ উপ-সমিতিখন গঠন কৰা হয়।

গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱটি সুচাৰুৰূপে পালন কৰাৰ ক্ষেত্ৰত সকলোৰে দিহা- পৰামৰ্শ আৰু সহায়-সহযোগিতা সভাপতি ফনীন্দ্ৰ নাথ সুত্ৰধাৰ আৰু সাধাৰণ সম্পাদক গুনজিৎ দাসে আন্তৰিকতাৰে কামনা কৰে।

শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ : ওদালগুৰিত মহাৰজত জয়ন্তীৰ প্ৰস্তুতি
ওড়িষ্যাত কৰ্মৰত চিৰাঙৰ বি এছ এফ জোৱানৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in