ৰহাৰ ঐতিহাসিক মঠৰবড়ী থানত দৌল মহোৎসৱৰ প্ৰস্তুতি...

ৰহাৰ ঐতিহাসিক মঠৰবড়ী থানত দৌল মহোৎসৱৰ প্ৰস্তুতি...

ডিজিটেল সংবাদ, ৰহাঃ সমাগত শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ। ৰহাৰ ঐতিহাসিক মঠৰবড়ী থানত চলিছে দৌল মহোৎসৱৰ বিশাল প্ৰস্তুতি। পূৰ্ৱৰ দৰেই এইবাৰো ঐতিহ্যমণ্ডিত থানখনত অহা ২৪ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ ছদিনীয়া বিস্তৃত কাৰ্যসূচীৰে মহা আয়োজন কৰা হৈছে এই দৌল মহোৎসৱ। ২৪ মাৰ্চত পুৱা ঐতিহাসিক থানখনৰ শ্ৰীশ্ৰীবিষ্ণু মূৰ্তি দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হ'ব।

থানখনত এইবাৰ ১২১সংখ্যক দৌল মহোৎসৱ। সেয়ে ২৫ মাৰ্চত উত্তোলন কৰা হ'ব ১২১খন ধৰ্মধ্বজা। লগতে উন্মোচন কৰা হ'ব মঠৰবড়ী থানৰ ইতিহাস সম্বলিত পুস্তিকা 'মঠৰথান'। ইয়াৰ পিচতে উলিওৱা হ'ব বৰ্ণাঢ্য ভাগৱত তথা সাংস্কৃিক শোভাযাত্ৰা। উৎসৱৰ প্ৰতি দিনাই নামপ্ৰসংগ, খোলপ্ৰসংগ, ভাগৱত পাঠ, দিহানাম, নিশা সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ'ব।

২৭ মাৰ্চৰ নিশা তেজপুৰৰ নটসূৰ্য শিল্পী সমাজে পৰিবেশন কৰিব 'কেলিগোপাল' নাট। ২৯ মাৰ্চৰ নিশা সামাজিক নাট পৰিবেশনেৰে ছদিনীয়া দৌল মহোৎসৱৰ সামৰণি পৰিব। উল্লেখ্য যে একাদশ শতিকাতে স্থাপিত এই ঐতিহ্যমণ্ডিত মঠৰবড়ী থানত সংৰক্ষিত হৈ আছে বহু ঐতিহাসিক সমল তথা শিলাখণ্ড আৰু শিলামূৰ্তি।

ৰহাৰ ঐতিহাসিক মঠৰবড়ী থানত দৌল মহোৎসৱৰ প্ৰস্তুতি...
পানীৰ সংকটত সমগ্ৰ মধ্য অসমঃ ভেকুলীৰ বিয়া পাতিছে ৰাইজে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in