/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/121221.jpg)
ডিজিটেল সংবাদ,দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত মঙলবাৰে এগৰাকী গৰ্ভৱতী মহিলা আৰু স্বাস্থ্যকৰ্মীসহ মুঠ তিনি গৰাকী লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হোৱাত হয়। বৰ্তমানলৈকে জিলাখনত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পায়।
উল্লেখ্য যে, মানকাচৰৰ গজাৰিকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জিলাখনৰ নামাৰগাঁও গাঁৱৰ মুকেছিনা বেগম নামৰ ২৭ বছৰীয়া গৰ্ভৱতী মহিলা গৰাকী মাতৃৰ সৈতে স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহে।মহিলা গৰাকীয়ে পৰীক্ষা কৰাৰ পাছত কোৰোনাত আক্ৰান্ত হোৱা বুলি নিশ্চিত হয়। ফলত মহিলা গৰাকীৰ ৪০ বছৰীয়া মাতৃ ছাবিনা খাতুনকো কোভিড পৰীক্ষা কৰাত কোভিড পজিটিভ ধৰা পৰে।
অহা ২২ এপ্ৰিলত গৰ্ভৱতী মহিলা গৰাকীৰ প্ৰসৱ হোৱাৰ সম্ভাৱনা আছে। কিন্তু ইয়াৰ পূৰ্বে মহিলা গৰাকী এইদৰে কোভিডত আক্ৰান্ত হোৱাৰ পাছত মহিলা গৰাকী চিন্তিত হৈ পৰিছে। অৱশ্য গজাৰিকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য বিভাগৰ পৰা মহিলা গৰাকীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহিলাগৰাকীক হাটশিঙিমাৰী অসামৰিক চিকিতসালয়ত ভৰ্তি কৰাই চিকিৎসা সেৱা প্ৰদান কৰাৰ ব্যৱস্থা হাতত লৈছে। ইফালে গৰ্ভৱতী মহিলা গৰাকীয়ে সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত কোনো চিন্তাৰ কাৰণ নাই বুলি মহকুমা চিকিৎসা বিষয়া ডাঃ ছাদ্ৰুল হক খন্দকাৰে জানিবলৈ দিছে।
মন কৰিবলগীয়া যে, মানকাচৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত আব্দুল বাতেন সৰকাৰ নামৰ স্বাস্থ্য কৰ্মী এগৰাকীও কোৰোনাত আক্ৰান্ত হৈছে। ইয়াকে লৈ জিলাখনত মঙলবাৰৰ দিনটোত মুঠ তিনি গৰাকী লোক কোৰোনাত আক্ৰান্ত হয়। এতিয়ালৈ জিলাখনত আক্ৰান্তৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে। সেয়ে জিলাখনৰ সকলো লোকক মাস্ক পৰিধান কৰি সকলো প্ৰকাৰৰ চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ মহকুমা চিকিৎসা বিষয়া ডাঃ ছাদ্ৰুল হক খন্দকাৰে আহ্বান জনায়।