/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/b5e22546-00b7-4d02-848b-c39a28125f1c/chirang_13.jpg)
ভাৰত-ভূটান সীমান্তৰ পাটাবাৰীত গৰ্ভৱতী বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ...
ডিজিটেল সংবাদ চিৰাং: চিৰাঙৰ ভাৰত ভূটান সীমান্তৰ আমটেকা ফৰেষ্ট ৰেঞ্জৰ অন্তৰ্গত ৬ নং পাটাবাৰী গাঁৱত এটি মাইকী হাতীৰ মৃতদেহ উদ্ধাৰ হয় ৷ স্থানীয় লোকে বনৰীয়া হাতীৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছতে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক উপস্থিত হৈ হাতীটোৰ মৰণোত্তৰ পৰীক্ষা কৰে ৷
কি পৰিস্থিতিত বনৰীয়া হাতীটো বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত মৃত্যু হ'ল তাৰ প্ৰকৃত এতিয়াও জানিব পৰা হোৱা নাই যদিও বনবিভাগৰ চিকিৎসকে হাতী জনী হৃদযন্ত্ৰ সংক্ৰমণত মৃত্যু হোৱা বুলি দাবী কৰিছে ।
বনবিভাগৰ মতে হাতী মৃত বনৰীয়া মাইকী হাতীটোৰ বয়স আনুমানিক ৫ বছৰ হ'ব ধাৰণা কৰা হৈছে । হাতীটো তিনিমাহৰ অন্তঃসত্বা আছিল বুলি বন বিভাগৰ লোকে জানিবলৈ দিছে। পিছত মৃত হাতীটোক বনবিভাগৰ লোকে পুতি পেলোৱাৰ ব্যবস্থা কৰে।
Also Read: পুত্ৰৰ মৃত্যুৰ শোঁকত একেদিনাই মৃত্যু বৃদ্ধা মাতৃৰো...