নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিহু আদৰণি...

নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিহু আদৰণি
 বিহু আদৰণি
বিহু আদৰণি

ডিজিটেল সংবাদ, নুমলীগড়: ৰঙালী বিহুক আদৰাক লৈ সকলোতে কেবল পাৰ ভঙা উচাহ । নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসমীয়াৰ বাপতি সাহোন ৰঙালীক আদৰণি জনোৱা হয়।

বিগত বৰ্ষৰ দৰেই বৃহস্পতিবাৰে স্থানীয় ৰাইজ, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ সহযোগত পৰম্পৰাগত অসমীয়া সাজেৰে শিক্ষক-শিক্ষয়িত্ৰীসকলে উলহ-মালহেৰে বিহুক আদৰণি জনায় । ছয় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে বিহু আদৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

ঘৰত পিঠা পনা, জলপান সাজু কৰিছে ঘৰৰ গৃহিনীয়ে, বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীয়ে বিহুৰ প্ৰাকক্ষণত কঁকাল ঘূৰাই নাচিছে এপাক নিজৰ বিদ্যালয়খনত, চৰকাৰেও বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ কৰিছে আয়োজন । প্ৰাণৰ ব’হাগক আদৰবলৈ এতিয়া শিশুৰ পৰা বৃদ্ধলৈ প্ৰজাৰ পৰা আৰম্ভ কৰি ৰজাঘৰলৈ সকলো সাজু ।

 বিহু আদৰণি
জুবিনৰ ওপৰত কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিবলৈ আহ্বান আৰক্ষীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in