/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/48d243eb-3f89-42c4-aceb-c7e8afdbe6d8/COLLEGE 9.jpg)
মহাবিদ্যালয়ৰ অধ্যাপক, লাইব্ৰেৰিয়ান আদি পদত নিযুক্তিৰ বাবে বাধ্যতামূলক নহয় PRC
ডিজিটেল ডেস্কঃ ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক, এ ই এছ সুমিত্ৰা দেৱে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি মহাবিদ্যালয়সমূহৰ সহকাৰী অধ্যাপক, লাইব্ৰেৰিয়ান, তৃতীয় আৰু চতুৰ্থবৰ্গৰ পদৰ নিযুক্তিৰ সময়ত বাধ্যতামূলক নহয় পাৰ্মানেণ্ট ৰেচিডেনচিয়েল চাৰ্টিফিকেট চমুকৈ পি আৰ চি। নিৰ্দেশনাত তেওঁ পি আৰ চি অবিহনেই অন্যান্য প্ৰয়োজনীয় নথিসমূহ পৰীক্ষা কৰি প্ৰস্তাৱ দাখিল কৰিবলৈ কোৱা হৈছে।
E.Comp. NO. 439692/2024/3 পত্ৰৰ জৰিয়তে পি ডি ইউ এ এম/জি এম চি/প্ৰভিন্সিয়েলাইজড মহাবিদ্যালয়সমূহৰ অধ্যক্ষলৈ লিখা পত্ৰখনত এ ই এছ সুমিত্ৰা দেৱে লিখিছে পিডিইউএএম/জিএমচি/প্ৰভিন্সিয়েলাইজড মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক/ লাইব্ৰেৰিয়ান আৰু গ্ৰেড-৩ আৰু গ্ৰেড-৪ পদৰ নিযুক্তিৰ বাবে স্থায়ী আৱাসিক প্ৰমাণপত্ৰ (পি আৰ চি) বাধ্যতামূলক নহয়।
লগতে তেওঁ এই বিষয়টোত অতি জৰুৰী বুলি গণ্য কৰি মহাবিদ্যালয়সমূহৰ সহকাৰী অধ্যাপক/ লাইব্ৰেৰিয়ান আৰু গ্ৰেড-৩, গ্ৰেড-৪ পদত নিযুক্তিৰ বাবে নিৰ্ধাৰিত চেকলিষ্ট অনুসৰি প্ৰস্তাৱ দাখিল কৰিবলৈও অনুৰোধ কৰা হৈছে।
০৪ জুলাই, ২০২৪ তে জাৰি কৰা এই নিৰ্দেশনা শেহতীয়াকৈ পোহৰলৈ অহাৰ পিছতে এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসমৰ থলুৱা নিবনুৱাক বঞ্চিত কৰি বহিৰাগতক ৰঙা দলিচা পাৰি দিয়াৰো অভিযোগ উত্থাপন হৈছে শিক্ষা বিভাগৰ বিৰুদ্ধে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/16ce6d40-6abf-49d2-b28e-c7804aa49b03/59bda65b-9cad-4623-9b30-813b7b7f0096.jpg)