ট্ৰেণ্ডচ প্ৰতিদিন টেলেণ্ট হাণ্ট-২০২২ৰ ডিব্ৰুগড় অডিশ্বনৰ সফল সামৰণি…

ট্ৰেণ্ডচ প্ৰতিদিন টেলেণ্ট হাণ্ট-২০২২ৰ ডিব্ৰুগড় অডিশ্বনৰ সফল সামৰণি…

author-image
asomiyapratidin
New Update
ট্ৰেণ্ডচ প্ৰতিদিন টেলেণ্ট হাণ্ট-২০২২ৰ ডিব্ৰুগড় অডিশ্বনৰ সফল সামৰণি…

ডিজিটেল ডেস্ক : ২৬ আৰু ২৭ আগষ্ট দুদিনীয়াকৈ ডিব্ৰুগড়ত প্ৰতিদিন টাইমৰ বৰ্ণাঢ্য আয়োজন ট্ৰেণ্ডছ প্ৰতিদিন টেলেণ্ট হাণ্ট-২০২২ৰ অডিশ্বন অনুষ্ঠিত হয়। উত্তৰ পূৰ্বাঞ্চল সামৰি অনুষ্ঠিত এই মেগা ৰিয়েলিটী শ্ব'ৰ চলিত ছিজনৰ ডিব্ৰুগড় অডিশ্বনৰ শনিবাৰে অন্ত পৰে। ডিব্ৰুগড়ৰ ডি এইছ এছ কানৈ কলেজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই অডিশ্বন।

প্ৰতিদিন টাইমৰ এই টেলেণ্ট হাণ্ট প্ৰতিযোগিতাৰ প্ৰতি ৰাজ্যজুৰি ব্যাপক সঁহাৰি দেখিবলৈ পোৱা গৈছে। বুধবাৰে টিংখাঙত অনুষ্ঠিত হৈছিল অডিশ্বন। টিংখাঙতো এই প্ৰতিযোগিতাক লৈ উৎসাহী হৈ পৰিছে প্ৰতিভাধৰ ছাত্ৰ-ছাত্ৰী সকল।

বুধবাৰে টিংখাঙৰ মাহমৰা অঞ্চলত মাহমৰা সত্ৰীয়া সংগীত বিদ্যালয়ৰ নেতৃত্বত প্ৰতিদিন টাইমৰ বিশাল আয়োজনৰ প্ৰতি সহাঁৰি জনাই এক স্থানীয় অডিশ্বনৰ আয়োজন কৰা হয়। ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ অডিশ্বন পৰ্যায়ক্ৰমে যোৰহাট, বঙাইগাঁও, নগাঁও, গুৱাহাটীত অনুষ্ঠিত হ'ব।

assam guwahati