২৬ আৰু ২৭ আগষ্টত ডিব্ৰুগড়ৰ কানৈ কলেজত ট্ৰেণ্ডছ প্ৰতিদিন টেলেণ্ট হাণ্ট-২০২২ৰ অডিশ্বন…

২৬ আৰু ২৭ আগষ্টত ডিব্ৰুগড়ৰ কানৈ কলেজত ট্ৰেণ্ডছ প্ৰতিদিন টেলেণ্ট হাণ্ট-২০২২ৰ অডিশ্বন…

author-image
asomiyapratidin
New Update
২৬ আৰু ২৭ আগষ্টত ডিব্ৰুগড়ৰ কানৈ কলেজত ট্ৰেণ্ডছ প্ৰতিদিন টেলেণ্ট হাণ্ট-২০২২ৰ অডিশ্বন…

ডিজিটেল ডেস্কঃ প্ৰতিদিন টাইমৰ বৰ্ণাঢ্য আয়োজন ট্ৰেণ্ডছ প্ৰতিদিন টেলেণ্ট হাণ্ট-২০২২। উত্তৰ পূৰ্বাঞ্চল সামৰি অনুষ্ঠিত এই মেগা ৰিয়েলিটী শ্ব'ৰ চলিত ছিজনৰ অডিশ্বন ইতিমধ্যে আৰম্ভ হৈছে। প্ৰতিদিন টাইমৰ এই টেলেণ্ট হাণ্ট প্ৰতিযোগিতাৰ প্ৰতি ৰাজ্যজুৰি ব্যাপক সহাৰি দেখিবলৈ পোৱা গৈছে।

বুধবাৰে টিংখাঙত অনুষ্ঠিত হৈছিল অডিশ্বন। টিংখাঙতো এই প্ৰতিযোগিতাক লৈ উৎসাহী হৈ পৰিছে প্ৰতিভাধৰ ছাত্ৰ-ছাত্ৰী সকল। বুধবাৰে টিংখাঙৰ মাহমৰা অঞ্চলত মাহমৰা সত্ৰীয়া সংগীত বিদ্যালয়ৰ নেতৃত্বত প্ৰতিদিন টাইমৰ বিশাল আয়োজনৰ প্ৰতি সহাঁৰি জনাই এক স্থানীয় অডিশ্বনৰ আয়োজন কৰা হয়। জুলাই প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা এই বিশেষ প্ৰস্তুতি অনুষ্ঠানত অঞ্চলটোৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে। প্ৰতিযোগিতাখনক লৈ যথেষ্ট আগ্ৰহী প্ৰতিযোগি , অভিভাৱক তথা উদ্যোক্তা সকল।

ইফালে ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ অডিশ্বন অনুষ্ঠিত হ'ব ডিব্ৰুগড়ত। ডিব্ৰুগড়ৰ ডি এইছ এছ কানৈ কলেজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব এই অডিশ্বন। ২৬ আৰু ২৭ আগষ্টত ডিব্ৰুগড়ত এই অডিশ্বন হোৱাৰ পিছত পৰ্যায়ক্ৰমে যোৰহাত, বঙাইগাঁও, নগাওঁ, গুৱাহাটী আদিত অনুষ্ঠিত হ'ব।