আজি যোৰহাটত ট্ৰেণ্ডছ প্ৰতিদিন টেলেণ্ট হাণ্ট-২০২২ৰ অডিশ্বন…

আজি যোৰহাটত ট্ৰেণ্ডছ প্ৰতিদিন টেলেণ্ট হাণ্ট-২০২২ৰ অডিশ্বন…

author-image
asomiyapratidin
New Update
আজি যোৰহাটত ট্ৰেণ্ডছ প্ৰতিদিন টেলেণ্ট হাণ্ট-২০২২ৰ অডিশ্বন…

ডিজিটেল ডেস্ক : প্ৰতিদিন টাইমৰ বিশেষ আয়োজন ট্ৰেণ্ডছ প্ৰতিদিন টেলেণ্ট হাণ্ট-২০২২ৰ অডিশ্বন ইতিমধ্যে আৰম্ভ হৈছে। সোমাবৰে যোৰহাটত অনুষ্ঠিত হ'ব এই ট্ৰেণ্ডছ প্ৰতিদিন টেলেণ্ট হাণ্ট-২০২২ৰ অডিশ্বন। ২৯ আৰু ৩০ আগষ্ট দুদিনীয়াকৈ যোৰহাট জিলা পুথিভঁড়ালত অনুষ্ঠিত হ'ব অডিশ্বন।

উল্লেখ্য যে ২৬ আৰু ২৭ আগষ্টত দুদিনীয়াকৈ ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিল ট্ৰেণ্ডছ প্ৰতিদিন টেলেণ্ট হাণ্ট-২০২২ৰ অডিশ্বন। উত্তৰ পূৰ্বাঞ্চল সামৰি অনুষ্ঠিত এই মেগা ৰিয়েলিটী শ্ব'ৰ চলিত ছিজনৰ ডিব্ৰুগড় অডিশ্বনৰ শনিবাৰে অন্ত পৰে। ডিব্ৰুগড়ৰ ডি এইছ এছ কানৈ কলেজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল এই অডিশ্বন।

প্ৰতিদিন টাইমৰ এই টেলেণ্ট হাণ্ট প্ৰতিযোগিতাৰ প্ৰতি ৰাজ্যজুৰি ব্যাপক সঁহাৰি দেখিবলৈ পোৱা গৈছে।  ইয়াৰ পৰৱৰ্তী অডিশ্বন পৰ্যায়ক্ৰমে বঙাইগাঁও, নগাঁও আৰু শেষত গুৱাহাটীত অনুষ্ঠিত হ'ব।

assam guwahati