নলবাৰীৰ ৰাস মহোৎসৱত উপস্থিত সাদিন প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱা

নৱেম্বৰৰ পৰা ৰাজ্যৰ বিভিন্ন স্থানত আৰম্ভ হৈছে ৰাস মহোৎসৱ। এই ৰাস মহোৎসৱ সমূহৰ ভিতৰত নামনিৰ নলবাৰী ৰাস মহোৎসৱ অন্যতম।
নলবাৰীৰ ৰাস মহোৎসৱত উপস্থিত সাদিন প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱা

ডিজিটেল ডেস্ক: ৭ নৱেম্বৰৰ পৰা ৰাজ্যৰ বিভিন্ন স্থানত আৰম্ভ হৈছে ৰাস মহোৎসৱ। এই ৰাস মহোৎসৱ সমূহৰ ভিতৰত নামনিৰ নলবাৰী ৰাস মহোৎসৱ অন্যতম। ১৩ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা নলবাৰী ৰাস মহোৎসৱ অন্ত পৰিব ১৯ নৱেম্বৰত।

নলবাৰী ৰাস মহোৎসৱৰ তৃতীয় দিনা মুখ্য অতিথি হিচাপে উপস্থিত হয় সাদিন প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱা। নামনিৰ মৃন্ময় মুৰ্তি প্ৰধান ৰাস দৰ্শন কৰে ঋষি বৰুৱাই।

লগতে তেওঁ নিজৰ অনুভৱো ব্যক্ত কৰে। তেওঁ কয় যে নলবাৰীৰ ৰাসৰ পৰিৱেশ অভুতপূৰ্ব। মৃন্ময় মূৰ্তিৰ প্ৰশংসা কৰি তেওঁ কয় যে দিনক দিনে এক বিশেষ গতি লাভ কৰিছে। তদুপৰি এই ৰাসৰ দ্বাৰা অসমৰ পাবলগীয়া বহুত আছে। ৰাস পৰ্যটকৰ বিশেষ আকৰ্ষণো হ'ব পাৰে।

উল্লেখ্য যে, ১৯৩৩ চনৰ পৰা অনুষ্ঠিত হৈ অহা নলবাৰী ৰাসে ৮৯ বছৰত ভৰি দিছে। এই বছৰৰ ৰাসৰ মুখ্য আকৰ্ষণ হৈছে জীৱন্ত ৰাস। ইয়াৰোপৰি গ্ৰন্থমেলা, বিভিন্ন বস্ত্ৰ মেলা, বাণিজ্য মেলা আদিও দেখিবলৈ পোৱা যাব নলবাৰী ৰাসত। এইবাৰৰ নলবাৰী ৰাস হ'ব প্লাষ্টিক মুক্ত। যাৰ বাবে পৰিচালনা কমিটিয়ে লৈছে কিছুমান বিশেষ পদক্ষেপ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in