অচেতন অৱস্থাতে যুৱকক দলবদ্ধ প্ৰহাৰ, মৃত্যু...

তিনিচুকীয়া জিলাৰ মাকুম ৰূপনগৰত মঙলবাৰে সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড ।

author-image
Asomiya Pratidin
New Update
অচেতন অৱস্থাতে যুৱকক দলবদ্ধ প্ৰহাৰ, মৃত্যু...

ডিজিটেল সংবাদ, তিনিচুকীয়া:- তিনিচুকীয়া জিলাৰ মাকুম ৰূপনগৰত মঙলবাৰে সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড । ৮ জনীয়া এক যুৱকৰ দলৰ দলবদ্ধ আক্ৰমণত নিহত হয় প্ৰাঞ্জল মৰাণ (২৬) নামৰ এজন যুৱক । ইয়াকে লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

Advertisment

ঘটনাৰ সন্দৰ্ভত মৃত প্ৰাঞ্জল মৰাণৰ জ্যেষ্ঠ ভগ্নীয়ে জানিবলৈ দিয়া মতে কালি এদল লোকে প্ৰাঞ্জলক তেওঁলোকৰ ঘৰৰ সন্মুখতে উপৰ্যুপৰি প্ৰহাৰ কৰি ঘৰৰ বলেন' বাহনখনৰ ডিকিত ভৰাই থৈ প্ৰায় চাৰিঘন্টা সময় পহৰা দি থাকে । গাড়ীখন প্ৰখৰ ৰ'দত থকা বাবে ডিকিৰ ভিতৰত প্ৰাঞ্জল অচেতন হৈ পৰে । তাক চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল যদিও আদবাটতে প্ৰাঞ্জলৰ মৃত্যু হয়।

ইফালে আন এক সূত্ৰই সদৰি কৰা মতে কেইবছৰমান পূৰ্বে ডিমৰুহোলা গাঁৱৰ যুৱক প্ৰাঞ্জলে ৰূপনগৰৰ সঞ্জয় তাঁতী নামৰ এজন ব্যক্তিৰ পৰা এক লাখ টকা ধাৰলৈ লৈছিল যদিও ঘূৰাই দিয়া নাছিল । কালি সঞ্জয় তাঁতীৰ পুত্ৰই ৰূপনগৰত হঠাতে প্ৰাঞ্জলক দেখা পাই পিতৃক খবৰ দিয়ে। কিছুসময়ৰ পিছত সঞ্জয় তাঁতীয়ে সদলে-বদলে প্ৰাঞ্জলক লক্ষ্য কৰি অহা দেখি প্ৰাঞ্জলে দৌৰ মাৰি ৰূপনগৰত থকা বায়েকৰ ঘৰত উপস্থিত হৈ বায়েকহঁতৰ বলেন' বাহনৰ ডিকিত সোমাই আত্মগোপন কৰে ।

প্ৰাঞ্জলক অনুসৰণ কৰি অহা দলটোৱে তাক বায়েকৰ ঘৰত নাপাই প্ৰাঞ্জলৰ অপেক্ষাত প্ৰায় চাৰি ঘণ্টা ধৰি তাতে অৱস্থান কৰে । ইফালে প্ৰখৰ ৰ'দত থকা বলেন'খনৰ ডিকিৰ উত্তাপ সহ্য কৰিব নোৱাৰি ডিকিৰ ভিতৰতে ছটফটাবলৈ ধৰে প্ৰাঞ্জলে । দলটোৱে সন্দেহবশতঃ বলেন'খনৰ ডিকি খোলাত প্ৰাঞ্জলক অচেতন অৱস্থাত উদ্ধাৰ কৰে । সেই অৱস্থালে দলটোৱে প্ৰাঞ্জলক দলবদ্ধ আক্ৰমণ কৰি উক্ত স্থান ত্যাগ কৰে ।

বায়েকৰ পৰিয়ালে প্ৰাঞ্জলক চিকিৎসালয়লৈ নিয়ে যদিও আদবাটতে মৃত্যু হয় প্ৰাঞ্জলৰ । পৰিয়ালৰ লোকে বুধবাৰে ঘটনাৰ সন্দৰ্ভত মাকুম থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে মাকুম গান্ধীনগৰৰ নিতা তাঁতী আৰু জিন্তু তাঁতী, টেঙাপানী চাহ বাগিচাৰ সলিল চাওতাল আৰু কৈলাশ পানিকা আৰু হেবেদা গাঁৱৰ নৰেণ প্ৰজা নামৰ লোক কেইজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে । বাকীকেইজন অভিযুক্ত বৰ্তমান পলাতক অৱস্থাত আছে ।

Also Read: ভূপেন হাজৰিকা সমাধি ক্ষেত্রত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু...

Assam police