ভূপেন হাজৰিকা সমাধি ক্ষেত্রত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু...

মহানগৰীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। জালুকবাৰীৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্রত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন যুৱকৰ।

author-image
Asomiya Pratidin
New Update
ভূপেন হাজৰিকা সমাধি ক্ষেত্রত  বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু...

ডিজিটেল ডেস্কঃ মহানগৰীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। জালুকবাৰীৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্রত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন যুৱকৰ। বুধবাৰে সংঘটিত হয় এই ঘটনা।

Advertisment

যুৱকজন পাণ্ডু কলনীৰ শুভম ৰয় বুলি জানিব পৰা গৈছে। পৰিয়ালৰ সৈতে সমাধি ক্ষেত্র দৰ্শন কৰিবলৈ গৈছিল যুৱকজন। সমাধি ক্ষেত্রৰ পানীৰ ফুৱাৰা স্পৰ্শ কৰাৰ ফলতে এই ঘটনা সংঘটিত হয়।

প্ৰথম অৱস্থাত আয়ুৰ্বেদিক চিকিৎসালয়ত লৈ যোৱা হয় শুভমক আৰু পৰৱৰ্তী সময়ত স্বাগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু অৱশেষত মৃত্যুক সাৱতি লয় যুৱকজনে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

Also Read: ১,৫৭০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব নাৰ্ছিং মহাবিদ্যালয়...