প্ৰাঞ্জল হাজৰিকাৰ গল্প পুথি 'জীৱন এচাইকেল' উন্মোচন

গল্পকাৰ প্ৰাঞ্জল হাজৰিকাৰ প্ৰথমখন গল্পপুথি "জীৱন এচাইকেল" বুধবাৰে বোকাখাতত উন্মোচন কৰা হয়।

author-image
Asomiya Pratidin
New Update
প্ৰাঞ্জল হাজৰিকাৰ গল্প পুথি 'জীৱন এচাইকেল' উন্মোচন

ডিজিটেল সংবাদ, বোকাখাতঃ অসমীয়া চুটি গল্পৰ জগতখনত এক পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা গল্পকাৰ প্ৰাঞ্জল হাজৰিকাৰ প্ৰথমখন গল্পপুথি "জীৱন এচাইকেল" বুধবাৰে বোকাখাতত উন্মোচন কৰা হয়।

Advertisment

বোকাখাতৰ প্ৰয়াস অধ্যয়ন চক্ৰৰ অন্যতম নিবেদন বোকাখাত জাতীয় বিদ্যালয়ৰ 'বকুলতল"ত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি-ঔপন্যাসিক দিলীপ ফুকনে।

সাম্প্ৰতিক অসমীয়া গল্পৰ ৰেহৰূপ,গল্পকাৰৰ উদ্দেশ্য আৰু প্ৰাঞ্জল হাজৰিকাৰ গল্পৰ ওপৰত এটি চমু আলোকপাত আগবঢ়ায় উন্মন্মোচক গৰাকীয়ে।

উন্মোচনী সভাখনত উপস্থিত থাকি বিশিষ্ট আবৃত্তিকাৰ গা‌য়ত্ৰী বৰা কাকতিয়ে তেওঁৰ বক্তব্যত আজিৰ পৰা গল্পকাৰ প্ৰাঞ্জল হাজৰিকাৰ দায়িত্ব বাঢ়িল বুলি কোৱাৰ লগতে এখন গ্ৰন্থৰ ক্ষেত্ৰত প্ৰকাশসকলে বিপননৰ দিশটোৰ ওপৰত অধিক গুৰুত্ব দিবলৈ আহ্বান জনাই যাতে এখন গ্ৰন্থ অধিক পাঠকৰ হাতত পৰিবগৈ পাৰে। গল্পকাৰ গৰাকীৰ গল্পৰ এটি চমু আলোকপাত আগবঢ়ায় আন এগৰাকী বিশিষ্ট কবি অজিৎ গগৈয়ে।

পল্লৱ হাজৰিকা আৰু বৰ্ণালী বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত প্ৰয়াস অধ্যয়ন চক্ৰৰ সভাপতি নিজৰা বৰঠাকুৰ, জেষ্ঠ নাগৰিক অপূৰ্ব বৰদলৈ, সাংবাদিক বুবুল দত্ত,ভৱানন্দ কলিতা, অমৰ কাকতি, গদ্যলিখক অলকানন্দ কাকতি,শিক্ষাবীদ শৰৎ দত্ত,অধ্যাপক বিদুৎ বৰুৱা, চিত্ৰ শিল্পী পাপু ঘোষ, ইনজু আহমেদকে

আদি কৰি উপস্থিত থাকে বোকাখাতৰ সাহিত্য সাংস্কৃতিক ক্ষেত্ৰখনৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি।

উন্মোচনী সভাখনত দুটি গীত পৰিবেশনৰে সৌষ্ঠৱ বৃদ্ধি কৰে ক্ৰমে ড' বৰ্ণালী বৰুৱা আৰু ৰাজেন শৰ্মাই। এখনিকৈ অংগ বস্ত্ৰৰে লেখক আৰু উন্মোচকৰ লগতে অতিথিসকলক অভিনন্দন জনাই কাজিৰঙা অধ্যয়ন চক্ৰৰ সদস্যসকলে।

লক্ষ্মীনাথ বেজবৰুৱাৰ 'অ' মোৰ আপোনাৰ দেশ" গীতটিৰে সামৰণি পৰা অনুষ্ঠানটোত ধন্যবাদসূচক বক্তব্য আগবঢ়ায় প্ৰয়াস অধ্যয়ন চক্ৰৰ সম্পাদক সোণেশ্বৰ নৰহে।

Also Read: গাজাৰ চিকিৎসালয় আক্ৰমণত প্ৰায় ৫০০ জনৰ মৃত্যু, শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোডীৰ