ডেৰমাহৰ পাছত মুকলি আকাশৰ তললৈ আহি দুৰ্বল শৰীৰেই খেলত অংশ ল’ব প্ৰণীতা চুতীয়াই….

ডেৰমাহৰ পাছত মুকলি আকাশৰ তললৈ আহি দুৰ্বল শৰীৰেই খেলত অংশ ল’ব প্ৰণীতা চুতীয়াই….

author-image
asomiyapratidin
New Update
ডেৰমাহৰ পাছত মুকলি আকাশৰ তললৈ আহি দুৰ্বল শৰীৰেই খেলত অংশ ল’ব প্ৰণীতা চুতীয়াই….

ডিজিটেল ডেস্ক : ডেৰমাহৰ পাছত মুকলি আকাশৰ তললৈ আহি গুৱাহাটীত উপস্থিত হ'ল প্ৰণীতা চুতীয়া। আলফা স্বাধীনক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছিল উশ্বু খেলুৱৈ প্ৰণীতা। ৫ আগষ্টত প্ৰায় ডেৰমাহৰ পাছত মুকলি আকাশৰ তললৈ আহিছিল প্ৰণীতা। ৭ আগষ্ট, দেওবাৰ অৰ্থাৎ আজি প্ৰণীতাৰ আছে এখন গুৰুত্বপূৰ্ণ খেল। গুৱাহাটীত চিনিয়ৰ উশ্বু চেম্পিয়নছিপত অংশ ল'ব প্ৰণীতাই। 

উল্লেখ্য যে দুৰ্বল স্বস্থ্যৰে গুৱাহাটীত অনুষ্ঠিত হোৱা চিনিয়ৰ উশ্বু চেম্পিয়মছিপত অংশ ল'ব প্ৰণীতা চুতীয়াই। প্ৰণীতা জামিনৰ পৰা গুৱাহাটীলৈ আহি ভাল খেল প্ৰদৰ্শনৰ ক্ষেত্ৰত মৰাণৰ বহু দল-সংগঠনৰ লগতে বহুকেইজন ব্যক্তিয়ে প্ৰণীতাক যথেষ্ট সহায় কৰিছে। প্ৰণীতাই এক ভিডিঅ'যোগে জনাইছে যে "শৰীৰ দুৰ্বল হলেও মোৰ মন দুৰ্বল নহয়।"

আনহাতে, ডেৰমাহৰ পূৰ্বে সামাজিক মাধ্যমত প্ৰচাৰিত এক বাতৰিত আলফা স্বাধীনক সমৰ্থন কৰি কমেন্ট কৰিছিল প্ৰণীতাই। প্ৰণীতাই লিখিছিল আলফাৰ লিংক পালে মইও যাম আলফালৈ, আই লাভ আলফা বুলি কমেন্ট কৰি গ্ৰেপ্তাৰ হৈছিল উশ্বু খেলুৱৈগৰাকী।

আৰু পঢ়ক : নাৰায়ণপুৰত ৰে'লৰ খুন্দাত মহিলাৰ মৃত্যু…

assam guwahati