/asomiyapratidin/media/media_files/2025/04/03/9Ul9RsdHB4aJEAxECPSd.jpg)
প্রমোদ বড়োৰ প্ৰতিক্ৰিয়া
ডিজিটেল সংবাদ, পৰ্বতঝোৰা: বড়ো চুক্তি কাৰ্য্যকৰী নোহোৱাৰ অভিযোগ তুলি বুধবাৰে বড়োভূমিত জন্ম হল এটা নতুন ৰাজনৈতিক দলৰ। প্ৰাক্তন এনডিএফবিৰ নেতৃত্বত অল্টাৰনেটিভ পাৰ্টী অব বড়োলেণ্ড নামৰ নতুনকৈ ৰাজনৈতিক দলৰ জন্মৰ পিছতেই বিটিআৰ পৰিষদীয় চৰকাৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্রমোদ বড়োই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
প্ৰমোদ বড়োৱে সদৰী কৰে যে, "গণতান্ত্ৰিক দেশত বহু নতুন ৰাজনৈতিক দল আহিবও পাৰে যাবও পাৰে। ইয়াৰ কোনো বিৰোধিতা বা কব লগা আছে বুলি মই নাভাবো। বিটিআৰৰ ৩৫ লাখ জনসাধাৰণ শান্তি সম্প্ৰীতি আৰু উন্নয়নলৈ যাতে কাম কৰে তাৰে কামনা কৰো। আগন্তক বিটিআৰ নিৰ্বাচনত নৱ গঠিত ৰাজনৈতিক দলটোৰ কিবা প্ৰভাৱ পৰিব বুলি মই নাভাবো" বুলি এক প্ৰকাৰে কটাক্ষ কৰে প্ৰমোদ বড়োৱে।
ইতিমধ্যে,পাৰিষদ দিলীপ বড়োৰ অসমাজিক কাৰ্য্যকলাপ লৈ বিটিআৰৰ মুৰব্বীজনে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্তব্য কৰি কয় যে, এখন সুস্থ আৰু ভাল সমাজত বেয়া কাম কৰিলে তাক সমৰ্থন বা গ্ৰহণ কৰাৰ যুক্তি নাই। গতিকে "দলীয় ভাৱে এই ক্ষেত্ৰত অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰা হ'ব।"