আন্তঃৰাষ্ট্ৰীয় কৃষ্ণ ৰং মহোৎসৱত "প্ৰগতি এক যাত্ৰা"ৰ সুনাম অৰ্জন

আন্তঃৰাষ্ট্ৰীয় কৃষ্ণ ৰং মহোৎসৱত "প্ৰগতি এক যাত্ৰা"ৰ  সুনাম অৰ্জন

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ বৃন্দাবনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কৃষ্ণ ৰং মহোৎসৱত "প্ৰগতি এক যাত্ৰা" শীৰ্ষক ধিঙৰ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ এদল শিল্পীয়ে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। যোৱা ৩০ ডিচেম্বৰৰ পৰা ১ জানুৱাৰীলৈ অনুষ্ঠিত হোৱা উক্ত সাংস্কৃতিক অনুষ্ঠানত "প্ৰগতি এক যাত্ৰা"ৰ শিল্পীৰ দলে গুৰুজনাৰ অমৰ সৃষ্টি সত্ৰীয়া নৃত্য, খোল বাদন আৰু বিহু নৃত্য পৰিৱেশন কৰে।

মাজুলী উত্তৰ কমলা বাৰী সত্ৰৰ বায়ন লক্ষ্যজিৎ শইকীয়া পৰিচালনাত কৌশিকী শইকীয়া, তন্ময় শইকীয়া, প্ৰহেলিকা শইকীয়া, উদ্দীপনা শইকীয়া, নিকিতা শইকীয়া, দিক্ষীত কলিতাই সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে। সাংস্কৃতিক দলটোৰ নেতৃত্ব বহন কৰে প্ৰগতি এক যাত্ৰাৰ সভানেত্ৰী প্ৰাঞ্জুমনি শইকীয়া, সম্পাদক দীপুল শইকীয়াই, সাজসজ্জা ডিজাইন কৰে কল্যাণ শইকীয়াই। সহযোগ কৰে কুসুম কলিতা, প্ৰনতী হাজৰিকা শইকীয়াই।

ইফালে উক্ত কৃষ্ণ ৰং মহোৎসৱতে অনুষ্ঠিত প্ৰতিযোগিতাত সত্ৰীয়া দলীয় নৃত্যত প্ৰথম স্থান, খোল বাদনত প্ৰথম স্থান, একক নৃত্যত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰি সৰ্ব্বমুঠ ৫টা পুৰস্কাৰো লাভ কৰিছে দলটোৱে। অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা এই "প্ৰগতি এক যাত্ৰা" শীৰ্ষক সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ শিল্পী সকলক আজি ধিঙত সম্বৰ্ধনা জনাই উপদেষ্টা কল্যাণ শইকীয়াই।

আন্তঃৰাষ্ট্ৰীয় কৃষ্ণ ৰং মহোৎসৱত "প্ৰগতি এক যাত্ৰা"ৰ  সুনাম অৰ্জন
মাজুলীত ভয়ংকৰ অগ্নিকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in