মৰণোত্তৰ ভাৱে দেহ দান বিশিষ্ট সাহিত্যিক প্ৰফুল্ল মহন্তৰ, গুণমুগ্ধৰ শ্ৰদ্ধাঞ্জলি…

মৰণোত্তৰ ভাৱে দেহ দান বিশিষ্ট সাহিত্যিক প্ৰফুল্ল মহন্তৰ, গুণমুগ্ধৰ শ্ৰদ্ধাঞ্জলি…

author-image
asomiyapratidin
New Update
অসমৰ জাতীয় জীৱনৰ এগৰাকী স্বনামধন্য ব্যক্তিক হেৰুৱালোঁঃ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল

ডিজিটেল ডেস্ক: বিশিষ্ট সাহিত্যিক, গৱেষক ড০ প্রফুল্ল মহন্তৰ দেহাৱসান।GMCHত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক ড০ প্রফুল্ল মহন্তই ।শুকুৰবাৰে পুৱতি নিশা প্ৰায় ২.৫০ মান বজাত শেষ নিশ্বাস কৰে মহন্তই।

Advertisment

দীৰ্ঘদিন ধৰি অসুস্থ আছিল বিশিষ্ট সাহিত্যিক তথা লেখকগৰাকী। মৰণোত্তৰভাৱে নিজৰ দেহ দান কৰি থৈ যোৱা বিশিষ্ট সমাজ বিজ্ঞানী তথা চিন্তাবিদ গৰাকীৰ জন্ম হৈছিল ১৯৪১ চনত।

বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুৰ খবৰ পাই তেখেতৰ ভেটাপাৰাৰ বাসগৃহত ভিৰ কৰেহি অজশ্ৰ গুণমুদ্ধই। তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বৃহত্তৰ ভেটাপাৰা জ্যেষ্ঠ নাগৰিক সমিতি ৰ হৈ গণেশ চন্দ্ৰ গোস্বামী,প্ৰগতিশীল মঞ্চ ভেটাপাৰা হৈ জগন্নাথ দাস,ভেটাপাৰা সাৰ্বজনীন দুৰ্গাপূজা সমিতি,ভেটাপাৰা নগৰী বিহু সমিতি,ভেটাপাৰা দুৰ্গা মন্দিৰ উন্নয়ন সমিতি,সহযাত্ৰা ভেটাপাৰা,বৃহত্তৰ মৈদাম সৰুসজাই মহিলা ঐক্য মঞ্চ,ঘোৰামাৰা বৰসজাই আঞ্চলিক ৰঙালী বিহু সন্মিলন,ঘোৰামাৰা বৰসজাই শাখা সাহিত্য সভা,ইলোৰা বিজ্ঞান মঞ্চ বেলতলা,জগদিশ দত্ত, খিলঞ্জীয়া জনজাতিয় সাহিত্য সভা অসম,কমলাকান্ত মুৰ্ছাহাাৰী,জ্যোতিপথ উন্নয়ন সমিতি,মাধৱ নাথ,বড়ো সাহিত্য সভা,তৰেণ বড়ো সভাপতি,বাথৌ মন্দিৰ পৰিচালনা সমিতি,ভাগ্যেশ্বৰ দৈমাৰী,চন্দ্ৰপুৰ উন্নয়ন সমিতি,প্ৰদিপ চক্ৰৱৰ্তী,নন্দীপথ উন্নয়ন সমিতি,ভৱানীধৰ শৰ্মা,কনকলতা পথ উন্নয়ন সমিতি,আনন্দ নগৰ ৰাজহুৱা শিৱ মন্দিৰ পৰিচালনা সমিতি,কমল শইকীয়া,বৰসজাই মৈদাম লেখিকা সমাৰোহ,মালৱিকা,অসম সাহিত্য সভাৰ দেৱেন্দ্ৰনাথ বসুমতাৰী,অলকানন্দা মহিলা অনুষ্ঠান,লাৱণ্য গগৈ,গুৱাহাটী জিলা বড়ো সাহিত্য সভা,লুইত চন্দ্ৰ ব্ৰক্ষ্ম,লক্ষ্মণ দত্ত,অধ্যাপক গুৱাহাটী বিশ্ববিদ্যালয়,লৰেঞ্চ ইছলাৰি সহ বিটিআৰৰ এক প্ৰতিনিধি দল,ড০পদ্মপাণী মহন্ত,অৱসৰপ্ৰাপ্ত সঞ্চালক ফৰেনছিক লেবৰেটৰী অসম,বৰ্ষিয়ান প্ৰাক্তন বিধায়ক তথা বাওপন্থী নেতা হেমেন দাস,প্ৰাগ নিউজৰ এডিটৰ এন চিফ প্ৰশান্ত ৰাজগুৰুকে ধৰি বহুজনে।

ইয়াৰ পাছতে চাংসাৰীৰ AIMS ৰ বিজ্ঞানাগাৰালৈ লৈ নিয়া হৈছে তেওঁৰ নশ্বৰ দেহ। উল্লেখযোগ্য যে চাংসাৰীৰ AIMS ত প্ৰথমটো প্ৰাণহীন দেহ হ'ব প্ৰফুল্ল মহন্তৰ।

আৰু পঢ়ক: অন্বেষণৰ এটা জীৱনৰ মহা সমাপ্তি…

assam dead