হঠাৎ আঞ্চলিকতাবাদ আৰু অসম গণ পৰিষদক লৈ প্ৰশ্ন প্ৰফুল্ল মহন্তৰ পুত্ৰৰঃ আছে নেকি ৰাজনৈতিক অংক?

আঞ্চলিকতাবাদী ৰাজনৈতিক দল অসম গণ পৰিষদৰ একালৰ সৰ্বশক্তিমান নেতা প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰ শ্যামন্তই হঠাৎ সামাজিক মাধ্যমৰ জৰিয়তে উত্থাপন কৰিলে এক বৃহৎ প্ৰশ্ন। 

author-image
Asomiya Pratidin
New Update
হঠাৎ আঞ্চলিকতাবাদ আৰু অসম গণ পৰিষদক লৈ প্ৰশ্ন প্ৰফুল্ল মহন্তৰ পুত্ৰৰঃ আছে নেকি ৰাজনৈতিক অংক?

ডিজিটেল ডেস্কঃ হঠাৎ ৰাজনৈতিক বিষয়ক লৈ সক্ৰিয় হৈ উঠিছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰ শ্যামন্ত কুমাৰ মহন্ত। আঞ্চলিকতাবাদী ৰাজনৈতিক দল অসম গণ পৰিষদৰ একালৰ সৰ্বশক্তিমান নেতা প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰ শ্যামন্তই হঠাৎ সামাজিক মাধ্যমৰ জৰিয়তে উত্থাপন কৰিলে এক বৃহৎ প্ৰশ্ন। 

Advertisment

আঞ্চলিকতাবাদী ৰাজনৈতিক ভাৱাপন্ন বহু লোকৰে মনত উদয় হোৱা এটা সাধাৰণ অথচ গুৰুত্বপূৰ্ণ প্ৰশ্ন আজি ফেচবুকৰ জৰিয়তে উত্থাপন কৰিলে শ্যামন্ত কুমাৰ মহন্তই। তেওঁ ফেচবুকত প্ৰশ্ন কৰিছে- অসম গণ পৰিষদ বৰ্তমানৰ নেতৃত্বত আঞ্চলিকতাবাদ আৰু দলটো কিমান সুৰক্ষিত? 

হঠাৎ আঞ্চলিকতাবাদ আৰু অসম গণ পৰিষদক লৈ প্ৰশ্ন প্ৰফুল্ল মহন্তৰ পুত্ৰৰঃ আছে নেকি ৰাজনৈতিক অংক?

উল্লেখ্য, অসম গণ পৰিষদ দলৰ নেতৃত্বক লৈ নানান সময়ত প্ৰশ্ন উত্থাপন হৈ আহিছে। শেহতীয়াকৈ দলটোৱে পুনৰ এবাৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে ৰাজ্যসভাৰ সাংসদ হিচাপে প্ৰক্ষেপ কৰাত দলটোৱে নতুনক বাট এৰি নিদিয়াক লৈ সমালোচনাৰ সন্মুখীন হৈছ। 

বঙাইগাওঁ সমষ্টিৰ একালৰ সুদীৰ্ঘ সময়ৰ জ্যেষ্ঠ বিধায়ক ফণীভূষণ চৌধুৰীয়ে যোৱা লোকসভা নিৰ্বাচনত বৰপেটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি বিজয়ী হৈ যোৱাৰ পিছত খালী হোৱা বঙাইগাওঁ বিধানসভা আসনখনত এগৰাকী তৰুণ বা নতুন মুখক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ দাবী উত্থাপন হৈছিল যদিও শেষ মুহূৰ্তত ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰীকেই প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আৰু তেওঁৱেই নিৰ্বাচিত হৈ আহিলে। 

দলটোৰ নেতৃত্বতো যিসকল লোক আছে সেইসকলৰ মাজত এখনো নাই নতুন মুখ। তৰুণ বাট এৰি দিব নিবিচৰা এই দলটোৰ নেতৃত্ব সেয়ে সমালোচনাৰ সন্মুখীন হৈ আহিছে। আনকি দলটোৰ বাবে নিস্বাৰ্থভাৱে সেৱা কৰা একাংশ নেতাকো উঠিবলৈ নিদিয়াৰ অভিযোগ আছে এইসকল নেতাৰ বিৰুদ্ধে। 

তাৰ মাজতেই প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰৰ এই ফেচবুক পোষ্টে বিশেষ তাৎপৰ্য বহন কৰিছে। মন কৰিবলগীয়া যে, ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পিছত দীৰ্ঘসময়ৰ পিছত সংবাদ শিৰোনামলৈ আহিছিল প্ৰফুল্ল কুমাৰ মহন্ত আৰু তেওঁৰ পুত্ৰ শ্যামন্ত কুমাৰ মহন্ত। 
নিৰ্বাচনৰ ফলাফল পিছত তেওঁৰ বাসগৃহলৈ আগমণ ঘটিছিল এজনৰ পিছত এজনকৈ ৰাজনৈতিক নেতৃত্বৰ। প্ৰথমে তেওঁৰ কাষলৈ গৈছিল ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন। তাৰ ঠিক দুদিন পিছত গৈছিল অসম জাতিয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞা।  

তাৰ পাছতেই চৰ্চা হৈছিল শ্যামন্ত কুমাৰ মহন্তৰ ৰাজনৈতিক ভৱিষ্যতক লৈ। একাংশই তেওঁ কংগ্ৰেছ দললৈ যাব বুলি চৰ্চা কৰাৰ বিপৰীতে আন একাংশই আঞ্চলিক ৰাজনৈতিক নেতাৰ পুত্ৰ হিচাপে আঞ্চলিক ৰাজনৈতিক দল অজাপলৈয়ে তেওঁ যাব বুলিও চৰ্চা কৰিছিল। 

কিন্তু এই পৰ্যন্ত তেওঁ কংগ্ৰেছ অথবা অসম জাতীয় পৰিষদত যোগদান কৰা নাই। কিন্তু ২০২৬ ৰ অসম বিধানসভাৰ নিৰ্বাচন কেন্দ্ৰিক জল্পনা-কল্পনা আৰম্ভ হোৱাৰ সময়তে তেওঁ এইদৰে মুকলিকৈ ফেচবুকত প্ৰশ্ন উত্থাপন কৰা বিষয়টোৱে বহু কথাৰেই ইংগিত বহন কৰিছে। 

 

আঞ্চলিক ৰাজনৈতিক দল প্ৰফুল্ল মহন্ত অসম গণ পৰিষদ