লোকসভা নিৰ্বাচনত কিয় ভোট নিদিলে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই…

লোকসভা নিৰ্বাচনত কিয় ভোট নিদিলে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই…

author-image
asomiyapratidin
New Update
১ মিনিটত ২৫ খবৰ

ফাইল ফটো

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনত ভোট নিদিয়াক লৈ সংবাদমাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।মহানগৰীৰ উলুবাৰীস্থিত প্ৰিয়া পেলেছ হোটেলত আয়োজিত এখন সংবাদমেলত সাংবাদিকৰ সন্মুখত মহন্তই ক'লে- ভোট নিদিয়াটো এক গণতান্ত্ৰিক অধিকাৰ। ভোট নিদিওঁ বুলি আগৰে পৰা কৈ আছিলো। ন'টাত ভোট দিলে মৌলিক অধিকাৰ ভায়'লেট হ'ব। উল্লেখ্য যে, এইবাৰৰ লোকসভা নিৰ্বাচনত মহন্তৰ লগতে পত্নী-পুত্ৰয়ো ভোটাধিকাৰ সাব্যস্ত কৰা নাছিল।