অসম গণ পৰিষদৰ  কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক প্ৰদীপ দুৱাৰৰ বিয়োগ

জন্ম লগ্নৰে পৰা আঞ্চলিকতাবাদৰ প্ৰতি আনুগত্যতা প্ৰকাশ কৰা অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নামৰূপৰ প্ৰদীপ দুৱাৰাৰ (৫৯) দেওবাৰে পুৱা ৭:৩০ বজাত এক জটিল ৰোগত আক্ৰান্ত হৈ ইহলীলা সম্বৰণ কৰে।

author-image
Asomiya Pratidin
New Update
অসম গণ পৰিষদৰ  কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক প্ৰদীপ দুৱাৰৰ বিয়োগ

pradip duara died

ডিজিটেল সংবাদ,নামৰূপ: জন্ম লগ্নৰে পৰা আঞ্চলিকতাবাদৰ প্ৰতি আনুগত্যতা প্ৰকাশ  কৰা অসম গণ পৰিষদ দলৰ  কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নামৰূপৰ  প্ৰদীপ দুৱাৰাৰ (৫৯) দেওবাৰে পুৱা ৭:৩০ বজাত এক জটিল ৰোগত আক্ৰান্ত হৈ  ইহলীলা সম্বৰণ কৰে।  শিৱসাগৰ নামতিৰ বাসিন্দা  প্ৰদীপ দুৱৰাই নামৰূপ মহাবিদ্যালয়তে শিক্ষা সাং কৰি  অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ নামৰূপ আঞ্চলিকৰ সাধাৰণ সম্পাদক হিচাপে  সেৱা আগবঢ়ায়।

পৰবৰ্তী সময়ত অসম গণ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক, নাহৰকটীয়া বিধান পৰিষদৰ সন্মানীয় সভাপতিৰ পদ অলংকৃত কৰি শেহতীয়া ভাৱে তেওঁ অসম গণ পৰিষদৰ কেন্দ্ৰীয় কাৰ্য্য নিৰ্বাহকৰ সদস্য পদত নিয়োজিত হয়।প্ৰয়াত দুৱাৰা  বিগত কিছুদিন লিভাৰৰ জটিল ৰোগত আক্রান্ত হৈ হায়দাৰাবাদ ব্যক্তিগত হস্পিতালত চিকিৎসাধীন হৈ আছিল আৰু চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুগৰাকী জীক ইহ সংসাৰত এৰি থৈ গৈছে।

জাতীয়তাবাদী নেতা গৰাকীৰ বিয়োগত অসম গণ পৰিষদৰ নামৰূপ আঞ্চলিকৰ সকলো কৰ্মকৰ্তাই একাজলি অশ্ৰুসিক্ত নয়নেৰে প্ৰাৰ্থনা জনাই তেখেতৰ আত্মাৰ  চিৰশান্তি কামনা কৰে। নামৰূপ প্ৰেছ এণ্ড ছচাঁইটি ক্লাব,  নামৰূপৰ বিভিন্ন দল সংগঠনৰ লগতে বি জে পিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰঞ্জিত বৰুৱাই গভীৰ শোক প্ৰকাশ কৰে।

assam died agp