/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/c00470b6-1a17-4adb-8562-cf9db00aee00/kamrup.jpg)
ডিজিটেল সংবাদ,কামৰূপ : অসম, মেঘালয়, জম্মু আৰু কাশ্মীৰৰ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ হিতাধিকাৰীসকলৰ পৰ্টেলত আধাৰ সংযোজনৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক বিশেষ অভিযানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অভিযানৰ অংশ হিচাপে শুকুৰবাৰৰ পৰা কামৰূপ জিলাৰ বংশৰ, গেৰুৱা, হাজো, ৰামদিয়া, বনগাঁও, মিৰ্জা, ছয়গাঁও কৃষি উন্নয়ন খণ্ডত শিবিৰৰ আয়োজন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/20cb508d-8336-4496-bac3-2c9703772093/78917ac3_7aff_4b02_adf5_de9c7e03fe51.jpg)
উক্ত সভালৈ অহা হিতাধিকাৰীসকলৰ আসোঁৱাহখিনি সমূহীয়া সেৱা কেন্দ্ৰৰ কৰ্মকৰ্তাৰ জৰিয়তে দূৰ কৰা হয় বুলি জানিবলৈ দিয়ে। এইবাৰৰ শিবিৰত পূৰ্বতে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ বাবে নাম পঞ্জীয়ন কৰা যোগ্য হিতাধিকাৰীসকলৰ পৰ্টেলত আধাৰ সংযোজনৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ লগতে মাটিৰ জমাবন্দীৰ কপি জমা লোৱা আৰু বেংক একাউণ্টৰ লগত আধাৰ সংযোজন কৰা হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/6c159561-a740-4f07-8187-64bf813f9d52/97918450_555e_42e9_8c33_9f20f8756c45.jpg)
জিলা কৃষি বিভাগৰ তৰফৰ পৰা কামৰূপ জিলাৰ প্ৰতিগৰাকী কৃষকক আজিৰে পৰা আৰম্ভ হোৱা এই অভিযান শিবিৰত উপস্থিত হৈ নিজ নিজ আসোঁৱাহসমূহ দূৰ কৰি ল'বলৈ অনুৰোধ জনোৱা হয়। অন্যথা হিতাধিকাৰীসকল নিজ প্ৰাপ্য কিস্তিৰ পৰা আজীৱন বঞ্চিত হোৱাৰ সম্ভাৱনা থকাৰ কথা উল্লেখ কৰে। সেয়েহে অহা ২০ আগষ্ট, ২০২৩ পৰ্যন্ত জিলাখনৰ প্ৰতিটো গাওঁ পঞ্চায়তত আয়োজিত শিবিৰত উপস্থিত হৈ আসোঁৱাহসমূহ দূৰ কৰি ল'বলৈ জিলা কৃষি বিভাগৰ তৰফৰ পৰা আহ্বান জনায়।
Also Read: চিনাতলী শাখা সাহিত্য সভাৰ উদ্যোগত প্ৰকৃতি সংৰক্ষণ সন্দৰ্ভত বক্তৃতা অনুষ্ঠান