অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ ১০ লাখ গৃহৰ নিৰ্মাণ সম্পূৰ্ণ

উল্লেখ্য যে, এই আঁচনিৰ অধীনত আৰু ৯ লাখ গৃহৰ নিৰ্মাণৰ কাম অব্যাহত আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে

author-image
Asomiya Pratidin
New Update
অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ ১০ লাখ গৃহৰ নিৰ্মাণ সম্পূৰ্ণ

ডিজিটেল ডেস্কঃ ২০১৬ চনৰ পৰা বৰ্তমানলৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)"ৰ তথ্য মন্ত্ৰী ৰঞ্জিত দাসৰ। তেওঁ উল্লেখ কৰে যে দুখীয়া ৰাইজৰ এটি পকীঘৰ নিৰ্মাণ সপোনক সাকাৰ ৰূপ দিবৰ হেতু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোৱা পদক্ষেপৰ ফলশ্ৰুতিত "প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)" ৰ অধীনত অসমত ২০১৬ চনৰ পৰা এতিয়ালৈকে মুঠ ১০,০২,৯৩৫ টা পকীঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে ৷

Advertisment

লগতে মন্ত্ৰী দাসে উল্লেখ কৰে প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদ তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু সংশ্লিষ্ট বিষয়াসকলৰ তৎপৰতাত অসমত এই আঁচনি ৰূপায়ণৰ কাম অধিক ক্ষিপ্ৰতৰ হৈ উঠিছে ৷ ইয়াৰ বাবে বিভাগীয় মন্ত্ৰী হিচাবে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সমূহ বিষয়া-কৰ্মচাৰী সহিতে সংশ্লিষ্ট বিষয়াসকলক আন্তৰিক ধন্যবাদ জনায় ৷

আনহাতে মন্ত্ৰী দাসে দাঙি ধৰা তথ্য অনুসৰি "প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)" ৰ পৰিসংখ্যাসমূহ এনেধৰণৰ, ২০১৬ চনৰ পৰা ০৯ মে'২০২১ লৈকে নিৰ্মাণ হোৱা গৃহৰ সংখ্যা হৈছে ৪,০৪,৩০৪ টা । ১০ মে' ২০২১ ৰ পৰা ২৬ এপ্ৰিল ২০২৩ লৈকে নিৰ্মাণ হোৱা গৃহৰ সংখ্যা হৈছে ৫,৯৮,৬২৭ টা। বুধবাৰৰ দিনটোত নিৰ্মাণ হোৱা গৃহৰ সংখ্যা হৈছে ৩,২১০ টা ৷ উল্লেখ্য যে, এই আঁচনিৰ অধীনত আৰু ৯ লাখ গৃহৰ নিৰ্মাণৰ কাম অব্যাহত আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

Also Read: গুৱাহাটী পৌৰ নিগমৰ আপৰ পাৰিষদ মাছুমা বেগমৰ গুৱাহাটীবাসীলৈ কৃতজ্ঞতা

Pradhan Mantri Awas Yojana (Gramin)