হিমন্ত বিশ্ব শৰ্মা গৃহমন্ত্ৰী হিচাপে সম্পূৰ্ণ ব্যৰ্থ: প্ৰদেশ কংগ্ৰেছ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৃহমন্ত্ৰী হিচাপে সম্পূৰ্ণ ব্যৰ্থ হৈছে- এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ।

author-image
Asomiya Pratidin
New Update
বকোত সৌৰশক্তি প্রকল্প উদ্বোধন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ…

ডিজিটেল ডেস্ক: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৃহমন্ত্ৰী হিচাপে সম্পূৰ্ণ ব্যৰ্থ হৈছে- এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ। এক প্ৰেছ বিবৃতিৰ জৰিয়তে প্ৰদেশ কংগ্ৰেছে কয় যে প্ৰধান মন্ত্ৰীৰ হস্তক্ষেপে মুখ্যমন্ত্ৰীৰ ব্যৰ্থতা উদঙাই দিছে।

উল্লেখ্য যে, ১০ অক্টোবৰৰ নিশা ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ হস্তক্ষেপত আৰক্ষীয়ে অভিযান চলাই ছিণ্ডিকেট চক্ৰৰ ৯ জনক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ পাছতে প্ৰদেশ কংগ্ৰেছে হিমন্ত বিশ্বৰ বিৰুদ্ধে মন্তব্য কৰি মনজিত মহন্তই এক প্ৰেছ বিবৃতি জাৰি কৰে।

এই বিবৃতিত লগতে কয় যে, ''গুজৰাট, ৰাজস্থান আদিৰ একাংশ টাইলছ, মানল পৰিবাহী ট্ৰাকৰ কৰ্মকতাই চৰম অসহায় আৰু নিৰুপায় অৱস্থাত পৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়ক অসমৰ শ্ৰীৰামপুৰ চকীত ছিণ্ডিকেট চক্ৰৰ অত্যাচাৰ আৰু বলপূর্বক ধন সংগ্ৰহৰ দৈনন্দিন ঘটনা সন্দৰ্ভত লিখিতভাবে অভিযোগ দাখিল কৰি আহিছে। তাৰ পিছতে বাধ্য হৈ প্রধানমন্ত্রীৰ কার্যালয়ে অসম আৰক্ষীক ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিবলগীয়া হয়''।

''কিন্তু ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্ব ৰাজ্যখনৰ চৰকাৰৰ কৰ্তৃত্বাধীন বিষয়। তেনে অৱস্থাত দেশৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে অসমৰ আৰক্ষীক অবৈধ ছিণ্ডিকেটৰাজৰ বিৰুদ্ধে ব্যবস্থা ল'বলৈ নির্দেশ দিয়া কথাই অসমৰ গৃহমন্ত্ৰীজনৰ অস্তিত্বহীনতা তথা পূর্ণ ব্যর্থতাকে প্রমাণ কৰি দিলে''।

লগতে কয় যে -''ইয়েই প্রমাণ নকৰেনে যে বৰ্তমানৰ অসম চৰকাৰৰ ছত্ৰছায়াতে বলপূর্বক ধন সংগ্ৰহৰ এই সকলো ধৰণৰ ছিণ্ডিকেট চক্ৰ ৰাজ্যখনত সক্ৰিয় হৈ আছে? মুখ্যমন্ত্ৰী ডাঙৰীয়া, ইয়াৰ পিছত আপুনি অসমৰ গৃহমন্ত্ৰী বুলি দাবী কৰাৰ নৈতিক অধিকাৰ আপোনাৰ আছে বুলি আপুনি নিজে ভাবেনে''?

এই প্রশ্ন উত্থাপন কৰি শ্ৰীমহন্তই কয় যে ''ৰাজ্যিক কর্তৃত্বৰ অধীনৰ এটা বিষয়ত স্বয়ং প্রধানমন্ত্ৰীয়ে দিল্লীৰ পৰা হস্তক্ষেপ কৰি অসম আৰক্ষীক নির্দেশ দিবলগীয়া হোৱাটোৱে অসমৰ গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতাৰ কথাকে সূচালে''।

assam himanta biswa sarma narendra modi congress