/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/sdff.jpg)
ডিজিটেল সংবাদ, ধেমাজি: বিজেপি নেতৃত্বাধীন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰৰ চৰকাৰৰ আঠবছৰীয়া কাৰ্যালয়ত বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়িত উন্নয়ন মুলক আঁচনি সমুহৰ খতিয়ানৰ সৰ্ম্পকে শুকুৰবাৰে ধেমাজি পৌৰসভা কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি সংবাদমেল অনুষ্ঠিত হয়৷
ধেমাজি জিলা বিজেপি মেডিয়া কোষৰ সমন্বয়ক অতুল কুমাৰ চমুৱাই আতঁধৰা পিছতেই উন্নয়নমূলক আচঁনি সমূহৰ খতিয়ান আগবঢ়াই লখিমপুৰ লোক সভাৰ সাংসদ প্ৰদান বৰুৱাই ৷ সংবাদমেলত সাংসদ বৰুৱাই কয় যে, দেশৰ প্ৰধানমন্ত্ৰীয়ে ৰূপায়ণ কৰা বহুতো আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা কোটিৰ ঘৰত থকাৰ বিপৰীতে আন একাংশ আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা হৈছে কেইবা কোটিৰ অধিক ৷
উক্ত আঁচনিসমূহে আৰ্থিকভাৱে দুৰ্বল আৰু দৰিদ্ৰ জনসাধাৰণক সাঙুৰি লোৱা প্ৰধানমন্ত্ৰীৰ অন্ত্যোদয় আঁচনিৰ যোগেদি বিনামুলীয়াকৈ ৮০ কোটি লোকক খাদ্য বিতৰন কৰা, প্ৰধানমন্ত্ৰী আৱাস যোজনা অধীনত চহৰাঞ্চলত ১.২২ কোটি, গ্ৰামাঞ্চলত ২.৩ কোটি গৃহ নিৰ্মাণ কাম আৰম্ভ হোৱা লগতে স্বচ্ছ-ভাৰত অভিযানৰ অধীনত ১১. ২২ কোটি শৌচালয় নিৰ্মাণ, প্ৰধানমন্ত্ৰীৰ স্ব-নিধি যোজনাৰ অধীনত ২৯.৬ লাখ পদ পথ ব্যৱসায়ীক ঋন বিতৰণ, আয়ুষ্মান ভাৰত অভিযানৰ অধীনত ৩.২ কোটি নাগৰিকে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা লাভ,১৮ কোটিতকৈ অধিক লোকক আয়ুষ্মান কাৰ্ড প্ৰদান , বিশ্বৰ সৰ্ববৃহৎ ক'ভিড টিকাকৰন অভিযান ভাৰততেই ১৯০ কোটি ক'ভিড টিকাকৰণ, বিগত ৮ বছৰত দেশৰ বিভিন্ন প্ৰান্তত ১৫ টা স্থানত সৰ্বভাৰতীয় আয়ুৰবিজ্ঞান প্ৰতিষ্ঠান তথা এইমচ নতুনকৈ আৰম্ভ কৰা, দেশৰ প্ৰতিখন জিলাতেই একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ লক্ষ্য, প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অধীনত ১১.৩০ কোটি কৃষক উপকৃত, প্ৰধানমন্ত্ৰী ফচল যোজনা, কিষান ক্ৰেডিট কাৰ্ড, এম এচ পি, ভুমি স্বাস্থ্য কাৰ্ড, ডি এ পি সাৰৰ ৰাজসাহায্য, প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা যোজনাৰ অধীনত ৯ কোটি মহিলালৈ বিনামূলীয়া ৰন্ধন গেছ যোগান, সেনা আৰু সৈনিক স্কুলত মহিলা সকলক সমপৰিমাণৰ আৰু সমমৰ্যাদা প্ৰদান, সমগ্ৰ দেশত উন্নত পথ ব্যৱস্থাৰ সম্প্ৰসাৰণ, উড়ান যোজনাৰ অধীনত ৮৭ লাখ লোকক বিমান যাত্ৰাৰ বাবে সক্ষম কৰা, ৮০ টা নতুন বিমান বন্দৰ স্থাপন আদি অখংখ্য উন্নয়নমূলক আঁচনিৰ খতিয়ান দাঙি ধৰে ৷
প্ৰধানমন্ত্ৰী মোদী চৰকাৰৰ গৰিব কল্যাণেই মুখ্য উদ্দেশ্য বুলি উল্লেখ কৰে ৷ কেৱল মাত্ৰ এই আঁচনি সমূহে নাগৰিক সকলৰ জীৱন ধাৰণ কেনেদৰে সহজ কৰি তুলিছে সেয়া উপলব্ধি কৰাই নহয়, প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ আকাংক্ষা মূল্যায়ণ কৰাৰো সুযোগ প্ৰদান কৰিব কাৰন দেশে ২০৪৭ চনত স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ কৰিব ৷ সংবাদমেলত সাংসদ বৰুৱাই আৰু জানিবলৈ দিয়া মতে প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা, স্বচ্ছ ভাৰত অভিযান গ্ৰামীণ আৰু চহৰাঞ্চল, জল জীৱন মিছন আৰু অটল মিছন ফৰ ৰিজুভেনেচন এণ্ড আৰ্বান ট্ৰেন্সফৰ্মেচন "আমৰোট", প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি, এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড, প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা, আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা, আয়ুষ্মান ভাৰত হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ আৰু প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাকে ধৰি বিভিন্ন আচঁনিৰ সমূহৰ সম্পৰ্কে তেওঁ অৱগত কৰে ৷
শুকুবাৰে অনুষ্ঠিত হোৱা সংবাদমেলত ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্ত, সাধাৰণ সম্পাদক গৌৰী শংকৰ ডেকাবৰুৱা , ধেমাজি পৌৰসভা আৰু চিলাপথাৰ পৌৰসভাৰ সভানেত্ৰী দ্বয় ক্ৰমে দীপৰেখা দাস বাঘ্ৰী আৰু লাৱণ্য পাইত দলে ,ধেমাজি পৌৰসভা উপ-সভাপতি বিপ্লৱ কোৱঁৰ লগতে ধেমাজি ,চিলাপথাৰ ৱাৰ্ড সদস্য সকলৰ উপৰিও বিজেপি দলৰ নেতাকৰ্মী সকলো উপস্থিত থাকে ৷
আৰু পঢ়ক: দেশত পুনৰ বৃদ্ধি কোৰনাৰ সংক্ৰমণ, ৫ ৰাজ্যলৈ সতৰ্কবাণী…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us