/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/prabin.jpg)
ডিজিটেল সংবাদ,নগাঁও : জীৱনটো সমৰ্পন কৰিছিল নাটকৰ বাবে ৷ বুধবাৰে নিশা প্ৰায় ১-৪৫ বজাত জীৱন বন্তি নুমাই গ'ল ৷ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত জীৱন নাট সামৰিলে প্ৰবীন শইকীয়াই ৷ একেধাৰে নাট পৰিচালক , নাট্যকাৰ , নাট প্ৰশিক্ষক , নাট্যকাৰ , সু-অভিনেতা প্ৰবীন শইকীয়াই দীৰ্ঘ দিন চিকিৎসাধীন হৈ থকাৰ সময়তে মৃত্যুক সাৱতি লয় ৷
নগাঁৱৰ পৰা গৈ গহপুৰ বৰঙাবাৰীত নিগাজীকৈ বসবাস কৰা প্ৰয়াত শইকীয়াই নগাঁৱৰ ননৈত একাধিক বছৰ থাকি নাট্য চৰ্চা কৰিছিল ৷ ননৈ সাহিত্য পৰিষদৰ লগত প্ৰত্যক্ষ ভাবে জৰিত আছিল ৷ ইয়াৰ বাহিৰেও বাট থিয়েটাৰ , জংগম থিয়েটাৰৰ জৰিয়তে নাট্য ক্ষেত্ৰখনলৈ এক জাগৰন আনিছিল প্ৰয়াত প্ৰবীন শইকীয়াই ৷
মৃত্যুৰ সময়ত প্ৰয়াত শইকীয়াই অভিনেত্ৰী তথা শিক্ষয়িত্ৰী পত্নী , দুই সন্তানক এৰি থৈ গৈছে ৷ ননৈ সাহিত্য পৰিষদে প্ৰবীন শইকীয়াৰ মৃত্যুত গভীৰ শোঁক প্ৰকাশ কৰিছে ৷
আৰু পঢ়ক: প্ৰেয়সীৰ বাবে আত্মহত্যা, বন্ধুক বচাবলৈ গৈ মৃত্যু আন এজন বন্ধুৰ…