ডিজিটেল সংবাদ গুৱাহাটীঃ অবৈধ অনুপ্ৰৱেশকাৰী বিশেষকৈ বংলাদেশীয়ে ভাৰতৰ পৰিস্থিতি অত্যন্ত সংকটপূৰ্ণ কৰি তুলিছে। এনে অৱস্থাত Patriotic People’s Front Assam চমুকৈ PPFA-এ শীঘ্ৰে কঠোৰ নীতি গ্ৰহণ কৰিবলৈ চৰকাৰ ওচৰত দাবী উত্থাপন কৰিছে।
তেওঁলোকে দাবী কৰিছে চৰকাৰে সকলো অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি দেশৰ পৰা বিতৰণ কৰিব লাগে।PPFA-এ এক সংবাদ বিজ্ঞপ্তিৰ জৰিয়তে কয় যে, কেন্দ্ৰীয় চৰকাৰে এই বিপদক সঠিকভাৱে বুজিব পৰা নাই। ইয়াৰ বিৰুদ্ধে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাতো অতি জৰুৰী যাতে দেশৰ হিন্দু জনসাধাৰণে নিজস্ব এলেকাৰ পৰা উচ্ছেদিত হ’ব নালাগে।
সংবাদ বিজ্ঞপ্তিটোত আৰু কয়, ২০১৬ চনত ৰাজ্যসভাৰ এক আলোচনাত প্ৰকাশ হৈছিল যে ভাৰতজুৰি প্ৰায় ২০ মিলিয়ন অবৈধ বাংলাদেশী নাগৰিকে আশ্ৰয় গ্ৰহণ কৰি আছে। ২০১৪ চনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে অনুমান কৰিছিল যে এই সংখ্যা ১২ মিলিয়ন। যদি বাংলাদেশ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰা ম্যানমাৰৰ আৰাকান ৰাজ্যৰ ৰোহিঙ্গীয়াকো ধৰা হয় তেন্তে এই সংখ্যা আৰু অধিক বৃদ্ধি পাব।
PPFA- এ প্ৰশ্ন কৰিছে কিহৰ বাবে পৰিস্থিতি ইমান বেছি অৱনতিৰ দিশে আগবাঢ়ি গৈছে? অসমৰ এই আঞ্চলিক মঞ্চই সোঁৱৰাই দি কয় যে, ৮০ ৰ দশকত অসমবাসীয়ে অবৈধ বাংলাদেশীয়ে মাতি অনা বিপদৰ সন্দৰ্ভত সম্পূৰ্ণ দেশকে সতৰ্ক কৰি দিছিল। কিন্তু দেশৰ ৰাজনৈতিক নেতা আৰু মূলধাৰাৰ বুদ্ধিজীৱীসকলে যাৰ ভিতৰত সম্পাদক, সাংবাদিকো আছে তেওঁলোকে ইয়াৰ গুৰুত্ব বুজিব নোৱাৰিলে।
PPFA- ৰ মতে ১৯৭৯ ৰ পৰা ১৯৮৫ লৈ অসমত চলা অসম আন্দোলনৰ সময়ত যদি অবৈধ বিদেশীৰ বিষয়টোৰে যথাযথভাৱে মোকাবিলা কৰা হ’ল হয় তেন্তে আজিৰ দৰে সংকটৰ সৃষ্টি নহ’ল হয়।
তেওঁলোকে কয়, শেহতীয়াকৈ দেশত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে এক ডাঙৰ উত্থান দেখা গৈছে। মূলসুঁতিৰ সংবাদ মাধ্যম এতিয়া এনে বাতৰি আৰু মতামতৰে ভৰি আছে। ৰাজনৈতিক দলবোৰ যি স্থিতিত আছে (চৰকাৰত বা বিৰোধী পক্ষত) সামূহিকভাৱে এক শক্তিশালী সিদ্ধান্ত ল'ব পাৰে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে,যাতে সকলো অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত আৰু বিতাড়িত কৰিব পৰা যায়।
তেওঁলোকে কয়, যদি আন্তৰ্জাতিক দায়বদ্ধতাৰ বাবে তাৎক্ষণিকভাৱে তেওঁলোকক বিতাড়িত কৰিব পৰা নাযায় তেন্তে তেওঁলোকৰ ভোটদানৰ অধিকাৰকে ধৰি অন্যান্য চৰকাৰী লাভালাভত বাধা দিব লাগে বুলিও কয় PPFA এ।