/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/cb53e6f1-0f15-4cc3-b7f4-ec7ba76a4aff/light.jpg)
অন্ধকাৰ মঙলদৈ
প্ৰতিদিন সংবাদ, মঙলদৈঃ শুকুৰবাৰে নিশা ন মান বজাৰ পৰা আৰম্ভ হোৱা এজাক ধুমুহাই টচনচ কৰি থৈ গৈছিল মঙলদৈ। ধুমুহাৰ ফলত বহু পৰিয়াল ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বিজুলী যোগান বন্ধ হৈ পৰে।
ধুমুহা হোৱাৰ ৩৬ ঘন্টা পাৰ হৈ যোৱাৰ পিছতো দেওবাৰলৈকে বিজুলী যোগান ধৰিব পৰা নাই মঙলদৈ বিদ্যুৎ উপ-সংমণ্ডলে । ধুমুহা আৰম্ভ হোৱাৰে পৰা বৰ্তমানলৈকে মঙলদৈত বিজুলী যোগান বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত বহু অসুবিধাৰ সন্মুখীন হৈছে সৰ্ব সাধাৰণ লোক।
বিশেষকৈ সাধাৰণ লোকৰ খোৱা পানী অভাৱ পৰিলক্ষিত হোৱাৰ লগতে মোবাইল বন্ধ হৈ পৰাৰ ফলত যোগাযোগ ব্যৱস্থা নোহোৱা হৈ পৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/34424fe6-af31-43dc-bfa4-5468bd266c99/8dbb56ec_5f79_45e8_93cc_cc62c5aa29ce.jpg)
মম বাটি আৰু খোৱা পানী বিচাৰি নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে মঙলদৈত। প্ৰলয়ংকাৰী ধুমুহাৰ ফলত মঙলদৈৰ বিভিন্ন ঠাইত বতাহ, ধুমুহা, বৰষুণত উঘালি পৰে গছ বিদ্যুতৰ খুটা।
মঙলদৈ বিদ্যুৎ বিভাগে জৰুৰীকালীন ভাৱে কাম কৰি থকা পৰিলক্ষিত হয় যদিও বিজুলী যোগান ধৰিবলৈ বৰ্তমানলৈকে সক্ষম হোৱা নাই মঙলদৈ বিদ্যুৎ উপ সংমণ্ডলে।
যদিহে দেওবাৰৰ দিনটোৰ ভিতৰত বিদ্যুৎ বিভাগে বিজুলী যোগান দিব নোৱাৰে তেনেহলে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক দাবী কৰে সদৌ দৰং জিলা ছাত্ৰ সন্থা, সদৌ দৰং জিলা জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন দল সংগঠনে।
Also Read: খালিস্তানী নেতা অমৃত পাল সিঙক গ্ৰেপ্তাৰঃ অসমলৈ স্থানান্তৰ...