ধনশিৰি মহকুমাৰ কবি সম্মিলনৰ উদ্যোগত সম্পন্ন হয় 'কবিতাৰ আবাসিক চ'ৰা তথা সম্বৰ্ধনা অনুষ্ঠান'...

author-image
Asomiya Pratidin
New Update
ধনশিৰি মহকুমাৰ কবি সম্মিলনৰ উদ্যোগত সম্পন্ন হয় 'কবিতাৰ আবাসিক চ'ৰা তথা সম্বৰ্ধনা অনুষ্ঠান'...

ডিজিটেল সংবাদ, উৰিয়ামঘাট : ধনশিৰি মহকুমাৰ কবি সম্মিলনৰ উদ্যোগত সম্পন্ন হয় 'কবিতাৰ আবাসিক চ'ৰা তথা সম্বৰ্ধনা অনুষ্ঠান' । এই সম্বৰ্ধনা কবি, সাহিত্যিক তথা সমাজৰ বাবে নি-স্বাৰ্থ ভাৱে কাম কৰি তথা প্ৰাক্তন শিক্ষক দিলীপ ৰ্শমাৰ বাসগৃহত উপস্থিত হৈ সাহিত্যিক গৰাকীক জনোৱা হয়।

Advertisment

উল্লেখ্য যে, ২১ খন গ্ৰন্থ ৰচনা কৰাৰ লগতে অসম সাহিত্য সভা, কবি সম্মিলন আৰু বহু সামাজিক অনুষ্ঠানৰ সৈতে জড়িত প্ৰাক্তন শিক্ষক দিলীপ ৰ্শমা।

তদুপৰি শেহতীয়াকৈ সদৌ অসম কবি সম্মিলনৰ উপ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ ওপৰিও 'অশোক দাস সোঁৱৰণী কাব্য বঁটাৰে' সমৃদ্ধ কৰা হয় দিলীপ শৰ্মাক ।

গেলাবিলস্থ বিশিষ্ট লিখক,কবি তথা সমাজ কৰ্মী শ্ৰীযুত দিলীপ শৰ্মাৰ আৱাসত ধনশিৰি মহকুমা কবি সন্মিলনে প্ৰায় দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে এটি সম্বৰ্ধনা অনুষ্ঠান তথা কবিতাৰ আৱাসিক চ'ৰা । মহকুমা কবি সন্মিলনৰ সভাপতি দণ্ডেশ্বৰ বৰাই সভাপতিত্ব কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ৰঞ্জন গোস্বামীয়ে। মহকুমা কবি সন্মিলনৰ সকলো বিষয় ববীয়া উপস্থিত থকা সভাখনিক দৈয়াং পৰীয়া শাখা সাহিত্য সভাৰ সকলো বিষয়া ববীয়া তথা সদস্যৰ উপস্থিতিয়ে সফল কৰি তোলে ।

এই সভাত শ্ৰীযুত দিলীপ কুমাৰ শৰ্মাক তেখেত সদৌ অসম কবি সন্মিলনৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হোৱা আৰু সদৌ অসম কবি সম্মিলন গোলাঘাট জিলাৰ পৰা অশোক দাস সোঁৱৰণী কাব্য বঁটাৰে সমৃদ্ধ হোৱাৰ বাবে শাখাই সম্বৰ্ধনা জনায়। সাহিত্য চৰ্চাৰ জৰিয়তে যুৱ প্ৰজন্মৰ মাজত সাহিত্যৰ প্ৰতি আকৰ্ষণৰ সৃষ্টি হ'ব বুলি জানিবলৈ দিয়ে প্ৰনৱ ঢেকিয়াল ফুকনে।

আনহাতে সদৌ অসম কবি সম্মিলন গোলাঘাট জিলা সভাপতি ড° প্ৰণৱ ঢেকীয়াল ফুকনে সঞ্চালনা কৰা কবিতা পাঠৰ অনুষ্ঠানত কবিতা পাঠ কৰে ড° প্ৰশান্ত কুমাৰ চাহু, তৰা বৰুৱা, মহেশ্বৰ বসুমতাৰী, কৰুণা মেধা শইকীয়া, স্পনানী গগৈ চেতীয়া, ৰঞ্জন গোস্বামী, দিলীপ কুমাৰ শৰ্মা, বুধীন ফুকন, বিমল বনীয়া, দিপালী শৰ্মা, দিপা মণি বৰা, দণ্ডেশ্বৰ বৰা আদি একাধিক কবিয়ে।

সদৌ শেষত এনে এক অনুষ্ঠান আয়োজন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে প্ৰাক্তন শিক্ষক তথা সাহিত্যিক দিলীপ ৰ্শমাই।

assam uriamghat