গোলাঘাট জিলাৰ দেও পাহাৰত খনন চলালে উদ্ধাৰ হ'ব পাৰে মহাভাৰতীয় যুগৰ ঐতিহ্য: ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থা

author-image
Asomiya Pratidin
New Update
গোলাঘাট জিলাৰ দেও পাহাৰত খনন চলালে উদ্ধাৰ হ'ব পাৰে মহাভাৰতীয় যুগৰ ঐতিহ্য: ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থা

ডিজিটেল সংবাদ, ধুবুৰী : গোলাঘাট জিলাৰ দেও পাহাৰত যোৱা ৩০ অক্টোবৰ (২০২২) তাৰিখে পাহাৰ খনত থকা শিলৰ ভগ্নাৱশেষ পৰ্যবেক্ষণ কৰি ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থাই ইয়াত মহাভাৰতীয় যুগৰ সমল পোৱা যাব পাৰে বুলি মত প্ৰকাশ কৰিছে । সংস্থাই সেয়েহে অসম চৰকাৰৰ পূৰাতত্ব বিভাগক ইয়াত বিজ্ঞান সন্মত ভাবে পৰিৱেশ অনুকুলতা ৰক্ষা কৰি খনন কাৰ্য চলাবৰ বাবে আহ্বান জনাইছে। উল্লেখযোগ্য যে এই পাহাৰখনত ভাস্কৰ্যখচিত এক বিশাল পুৰণি মন্দিৰৰ ভগ্নাৱশেষ সহস্ৰাধিক প্ৰস্তৰ খণ্ডত বিভাজিত হৈ পৰি আছে ।

Advertisment

বিভিন্ন দেৱী দেৱতাৰ মূৰ্তিৰ উপৰিও সমাজ জীৱনৰ কলাসন্মত শতাধিক ভাস্কৰ্য, নান্দনিক সৌন্দৰ্য ভৰা প্ৰকৃতিৰ ভাস্কৰ্যৰে উপচি থকা ভগ্ন মন্দিৰটো যিখন পাহাৰত আছে সেই পাহাৰখনত নিশ্চিত ভাবে পোত গৈ আছে বহুতো নৃকুল পূৰাতাত্বিক সমল। এনে সমলৰ পৰা প্ৰাচীন অসমৰ মহাভাৰতৰ যুগৰ বুৰঞ্জী মূলক সমল উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে।

এই সন্দৰ্ভত প্ৰকাশ কৰা এখন প্ৰেছ বিজ্ঞপ্তিত ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থাৰ আহ্বায়ক ড০হৰিচৰণ দাস আৰু সাংগঠনিক সম্পাদক মাধৱ দেৱ মহন্তই কয় যে দেও পাহাৰৰ কাষৰীয়া নুমলীগড় আৰু বোকাখাট অঞ্চলৰ ৰাইজৰ মাজত এই দেওপাহাৰৰ সন্দৰ্ভত বহুতো কিম্বদন্তি প্ৰচলিত আছে। এই কিম্বদন্তি অনুসৰি শ্ৰীমত্ভাগৱতত উল্লেখিত জৰাসন্ধ ৰজাৰ ইয়াত ৰাজধানী আছিল। ৰজা জৰাসন্ধই তেওঁৰ বিৰোধী বহুতো ৰজাক কাৰাগাৰত বন্দী কৰি থৈছিল বুলি কিম্বদন্তি প্ৰচলিত আৰু সেই কাৰাগাৰো ইয়াত আছিল বুলিও এক জনশ্ৰুতি আছে। এনে ঐতিহাসিক তথ্যৰ অস্তিত্ব খনন কৰিলে ওলাব পাৰে। কিম্বদন্তিয়ে বুৰঞ্জীৰ সমল লাভৰ ইংগিত দিয়ে। গতিকে দেও পাহাৰৰ সৈতে জড়িত কিম্বদন্তি অমূলক বুলিব নোৱাৰি বুলি বিজ্ঞপ্তি খনত উল্লেখ কৰা হয়।

assam golaghat