উন্নয়নৰ নমুনা! জোনাইত বোকাময় পথত ভূঁই ৰুই প্ৰতিবাদ

উন্নয়নৰ নমুনা! জোনাইত বোকাময় পথত ভূঁই ৰুই প্ৰতিবাদ

author-image
asomiyapratidin
New Update
উন্নয়নৰ নমুনা! জোনাইত বোকাময় পথত ভূঁই ৰুই প্ৰতিবাদ

ডিজিটেল সংবাদ, জোনাই : জোনাই বিধানসভা সমষ্টিৰ বিভিন্ন গাঁও অঞ্চলৰ ৰাইজে শোচনীয় যাতায়াত ব্যৱস্থাৰ লগতে এশ এবুৰি জ্বলন্ত সমস্যা মাজত পোত গৈ দুৰ্বিষহ জীৱন নিৰ্বাহ কৰিব লগা হৈছে। এনেদৰে যাতায়াতৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি জীয়াতু ভুগি থকা জোনাই বিধানসভা সমষ্টিৰ অকলেণ্ড শান্তিপুৰ গাঁৱৰ মহিলা ৰাইজে শুকুৰবাৰে বোকাময় পথত ভূঁই ৰুই গ্ৰামাঞ্চলৰ ৰাইজৰ পথ যোগাযোগ উন্নয়নৰ বাস্তৱ ছবি দাঙি ধৰাৰ লগতে চৰকাৰ তথা জনপ্ৰতিনিধিৰ অৱহেলা তথা প্ৰবঞ্চনাক তীব্ৰ প্ৰতিবাদ কৰে।

Advertisment

উল্লেখযোগ্য যে জোনাই মহকুমাৰ অকলেণ্ড শান্তিপুৰ গাঁৱৰ বহি:যোগাযোগৰ একমাত্ৰ পথছোৱা দেশ স্বাধীনতাৰ বিগত ৭৫ বছৰে নিৰ্মাণ নোহোৱাত গাঁৱৰ তিনি শতাধিক পৰিয়ালে বোকা-পানী গছকি যাতায়াত ব্যাহত ৰাখিব লগা হৈছে। উক্ত পথছোৱা পকীকৰণ কৰিবলৈ চৰকাৰ, প্ৰশাসন আৰু জনপ্ৰতিনিধিক ৰাইজে বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পিছতো আজিকোপতি পথছোৱা পকীকৰণ দূৰৰে কথা উন্নয়নৰ নামত শিল এটাও নপৰিল।

ফলত গাঁৱৰ ৰাইজে বহি:যোগাযোগত যমৰ যাতনা ভুগিব লগা হৈ আহিছে। বিশেষকৈ পথছোৱাৰ শোচনীয় অৱস্থাৰ ফলত গাঁওখন লৈ এম্বুলেঞ্চ নোহোমোৱাত চিকিৎসালয়লৈ যোৱা প্ৰসূতিৰ লগতে ৰোগী ৰাইজে জীয়াতু ভুগিব লগা হৈছে। ইপিনে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে একাঠু বোকা-পানী গছকি বিপদজনক যাতায়াতেৰে বিদ্যালয়লৈ যাব লাগে।

এনেদৰে যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিব লগা মহিলা ৰাইজে আজি অকলেণ্ড শান্তিপুৰ বোকাময় পথৰ ওপৰত ভূঁই ৰুই প্ৰতিবাদত কৰি 'আমাক কেৱল ভোটাৰ হিচাপে জীয়াই থাকিব দিছে নেকি' বুলি চৰকাৰক চোকা প্ৰশ্ন কৰে। তদুপৰি ভুক্তভুগী মহিলা ৰাইজে অতি ক্ষোভ-অভিমানেৰে অভিযোগ কৰামতে নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিয়ে ভোটা বিচাৰি বোকা-পানী গছকি গাঁওখন লৈ আহে যদিও জয়ী হোৱাৰ পিছত ৰাইজক পাহৰি যোৱাৰ লগতে লগ কৰি সমস্যাৰ কথা ক'লেও চিনি নোপোৱাৰ বাওজোৰা বুলি তীব্ৰ কটাক্ষ কৰে।

কেৱল অকলেণ্ড শান্তিপুৰ গাঁৱতেই নহয়, সীমান্তৱৰ্তী জোনাই বিধানসভা সমষ্টিৰ বিভিন্ন গাঁও অঞ্চল জৰাজীৰ্ণ তথা শোচনীয় যাতায়াত ব্যৱস্থাৰ লগতে উন্নয়নৰ এশ এবুৰি জ্বলন্ত সমস্যাৰে জৰ্জৰিত। মুঠতে জোনাই বিধানসভা সমষ্টিৰ বিভিন্ন গাঁও অঞ্চলত চৰকাৰৰ উন্নয়নৰ চকৰী ওলোটা কৈ ঘূৰা পৰিলক্ষিত। ফলত পথ যাতায়াতৰ উন্নয়ন বিচাৰি বোকাময় পথৰ ওপৰত ভূঁই ৰুই ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে। ফলত নাগৰিকৰ জ্বলন্ত সমস্যাৰ ওপৰত চৰকাৰ-জনপ্ৰতিনিধিৰ কৃপা দৃষ্টি কেতিয়া পৰিব- এইটো আজিৰ তাৰিখত ৰাইজৰ বাবে লাখ টকীয়া প্ৰশ্ন।

আৰু পঢ়ক: ঘিলামৰাৰ ৯ কোটিৰ গোর্খালি চাপৰিৰ মথাউৰীলৈ ভাবুকি…

assam jonai