ঐতিহাসিক ধোদৰ আলিৰ নিৰ্মাণৰ নামত লুণ্ঠন

ঐতিহাসিক ধোদৰ আলিৰ নিৰ্মাণৰ নামত লুণ্ঠন

author-image
asomiyapratidin
New Update
ঐতিহাসিক ধোদৰ আলিৰ নিৰ্মাণৰ নামত লুণ্ঠন

ডিজিটেল সংবাদ, মৰিয়নি :মৰিয়নি সমষ্টিৰ ৰাইজৰ যাতায়তৰ মূলপথ হিচাপে ব্যৱহৃত ঐতিহাসিক ধোদৰ আলিৰ পুনৰ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে, মৰিয়নি সমষ্টিৰ উপ- নিৰ্বাচনৰ আগতে জৰাজীৰ্ণ ধোদৰ আলিৰ পুনৰ নিৰ্মান কৰা হ'ব বুলি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৰিয়নি বাসীক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

আনহাতে পথতো মেৰামতি কৰাৰ নামত ঠিকাদাৰে ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে।লোকনিৰ্মাণ বিভাগৰ নকচাৰী গ্ৰাম্য পথ সংমণ্ডলৰ তত্বাবধানত চলি থকা ধোদৰ আলিৰ নিৰ্মান কাৰ্য অতি নিম্নমাণ্ডৰ কৰি থকাৰ প্ৰত্যক্ষ কৰি ক্ষুদ্ধ হৈ পৰে যুৱ ছাত্ৰ পৰিষদৰ মৰিয়নি আঞ্চলিক সমিতি।পথতোৰ নিৰ্মানত অনিয়ম সংঘটিত হৈ অহাৰ পিচতো বিভাগীয় কতৃপক্ষই কোনো পদক্ষেপ গ্ৰহন নকৰিলে।

উল্লেখ্য যে,মাছখোৱাৰ পৰা চেলেংহাটৰ জাঁজী দলংৰ সমীপলৈকে ১৫ কিলমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মান কৰা ক্ষেত্ৰত ঠিকাদাৰে ব্যাপক অনিয়ম সংঘটিত কৰা বাবে নিৰ্মানৰ পাছতে ব্লেক টেপিং এৰাই যোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, মৰিয়নি সমষ্টিৰ উপ নিৰ্বাচনৰ পূৰ্বে ২০২১ চনৰ ১৪ ছেপ্টেম্বৰত বিধ্বস্ত ধোদৰ আলিৰ মাছখোৱাৰ পৰা জাঁ‌জী দলঙলৈকে পুনৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰি আধাৰশিলা স্থাপন কৰিছিল ৰাজ্য চৰকাৰৰ জল সম্পদ, তথ্য আৰু জন সংযোগ মন্ত্ৰী পিযুষ হাজৰিকাই।

ৰাজ্য চৰকাৰৰ এছ অ' পি ডি ( জি ) আঁ‌চনিৰ অধীনত এই পথছোৱাৰ পুনৰ নিৰ্মান হৈ আছে।ইফালে ধোদৰ আলিৰ নিৰ্মাণৰ নামত হোৱা ব্যাপক দুৰ্নীতিৰ তদন্ত বিচাৰি আজি যুৱ ছাত্ৰ পৰিষদৰ মৰিয়নি আঞ্চলিক সমিতিয়ে যোৰহাটৰ উপায়ুক্তৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।এক বিবৃতিত যুৱ ছাত্ৰ পৰিষদৰ মৰিয়নি আঞ্চলিকৰ সভাপতি প্ৰিয়াংশু বৰুৱা আৰু সম্পাদক ৰঞ্জিত গগৈয়ে ধোদৰ আলি নিৰ্মাণৰ নামত হোৱা দুৰ্নীতিৰ তদন্ত নকৰিলে অতি শীঘ্ৰে ৰাইজৰ সহযোগত আন্দোলনৰ কাৰ্যসূচী গ্ৰহনৰ হুংকাৰ দিয়ে।

assam mariani