উন্নয়নৰ নমুনা! বজালীৰ সত্ৰ বৰলাত পথাৰ সদৃশ পথ…

উন্নয়নৰ নমুনা! বজালীৰ সত্ৰ বৰলাত পথাৰ সদৃশ পথ…

author-image
asomiyapratidin
New Update
উন্নয়নৰ নমুনা! বজালীৰ সত্ৰ বৰলাত পথাৰ সদৃশ পথ…

ডিজিটেল সংবাদ, বজালী: বোকা পানীৰ মাজেৰে যাতায়াত গাঁৱৰ সাধৰণ ৰাইজৰ। বজালী জিলাত নতুনকৈ অন্তৰ্ভুক্ত হোৱা ফিঙুৱা পঞ্চায়তৰ আমদহ চকৰ পৰা দক্ষিণে সত্ৰ বৰলা হৈ বালাপাৰা লৈ যোৱা প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো আজি স্বাধীনোত্তৰ কালৰ পৰাই পকীকৰণ হৈ উঠা দূৰৰ কথা এটা শিলগুটিও নপৰিল।

Advertisment

সত্ৰ বৰলা গাঁৱকে ধৰি প্ৰায় ১০ খন গাঁৱৰ ৰাইজৰ একমাত্র এই পথটোৰে প্ৰতিদিনে হাজাৰ হাজাৰ লোকে যাতায়াত কৰে যদিও বাৰিষা কালত এই পথটোৰে গাডী মটৰ দূৰৰে কথা খোজকাঢ়ি যোৱাটোও সম্ভৱপৰ নহয়। পথটোৰ মাজত থকা সত্ৰ বৰলা কুৰ আৰু মৰিয়াম চুৱাৰ মাজৰ কুৰ দুটাৰে খৰাালি কালতো ভেল আদিৰে যাতায়াত কৰিব লগা হয়।

বাৰিষা পথৰ দুৰাৱস্থাৰ বাবে ৰোগী সকলক বোকোচাত উঠাই চিকিৎসালয়লৈ নিবলগীয়া হয় সত্ৰ বৰলা বাসীয়ে। সত্ৰ বৰলাৰ পৰা মাত্ৰ ৭ কিলোমিটাৰ দূৰত্বত অৱস্থিত বজালী জিলাৰ সদৰ পাঠশালাক লৈয়ে সকলো নিৰ্ভৰশীল সত্ৰ বৰলাৰ ৰাইজে।সত্ৰ বৰলা বাসীয়ে যাতায়াতৰ ক্ষেত্রত ভুগি অহা যমৰ যাতনাই জ্বলা কলা খুৱাইছে সাধৰণ জনতাক।ইয়াৰ পিছত ও বিভাগীয় গড়কাপ্তানী মন্ত্ৰী গৰাকীৰ লগতে লোক নিৰ্মান বিভাগৰ চকুত পৰিবনে সেয়া হ'ব লক্ষণীয়।

আৰু পঢ়ক: শূণ্য হোৱাৰ দিশে কংগ্ৰেছ! পদত্যাগ কৰিলে…

assam bajali