ভোটদানৰ অন্তত কি ক’লে হাগ্ৰামা, প্ৰমীলা, উৰ্খাও আৰু কমলা কলিতাই… চাওঁক VIDEO

ভোটদানৰ অন্তত কি ক’লে হাগ্ৰামা, প্ৰমীলা, উৰ্খাও আৰু কমলা কলিতাই… চাওঁক VIDEO

author-image
asomiyapratidin
New Update
ভোটদানৰ অন্তত কি ক’লে হাগ্ৰামা, প্ৰমীলা, উৰ্খাও আৰু কমলা কলিতাই… চাওঁক VIDEO

  • আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ।
  • অসমৰ ৪ লোকসভা সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত শান্তিপূৰ্ণভাৱে চলি আছে ভোটগ্ৰহণ পৰ্ব।
  • ইফালে ভোটাধিকাৰ সাব্যস্ত কৰে ইউ পি পি এল প্ৰাৰ্থী উৰ্খাও গৌড়া ব্ৰহ্মই।
  • ৮০ নং বাতাবাৰী স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰত সাব্যস্ত কৰে ভোটাধিকাৰ।
  • ইউ পি পি এল প্ৰাৰ্থীগৰাকীয়ে ভোটদান কৰি কয়-
  • 'মোক জনগোষ্ঠীয় ৰাইজে ভোটদান কৰিব।'
  • 'বড়োসকলে বিচাৰে বন্দুকৰ আন্দোলনৰ অৱসান ঘটা।'
  • লগতে তেওঁ কয়- 'মই বহু বেছি ভোট পাম।'
  • 'আৰু দ্বিতীয় স্থানত নৱ শৰণীয়া বা প্ৰমিলাৰাণী ব্ৰহ্ম থাকিব বুলি ভাবো।'
  • 'মই সমষ্টিটোৰ সাংসদ নহয় আৰু শাসকীয় দলৰ সৈতে জড়িতও নহয়, গতিকে মোৰ পৰা নতুন আশাই কৰিব।'
  • 'নৱ শৰণীয়াৰ ভুৱা ৰাজনীতি প্ৰচাৰ ৰাইজে বুজিছে আৰু বিকল্প বিচাৰিছে।'
  • 'আজি ভোটদান কৰাৰ দিন।'
  • 'আজি সমালোচনা-প্ৰতিসমালোচনা নকৰাই ভাল।'
  • 'নিৰ্বাচনী প্ৰচাৰৰ সময়ো পাৰ হৈ গ'ল।'
  • 'কিন্তু প্ৰচাৰৰ সময়ত যথেষ্ট সংখ্যক ৰাইজৰ সমৰ্থন পাইছো।'
  • 'এইবাৰ নিৰ্বাচনত মই জয়ী হম বুলি নিশ্চিত।'
  • ইউ পি পি এল প্ৰাৰ্থী গৰাকীৰ উপৰিও মঙলবাৰে পুৱা ভোটাধিকাৰ সাব্যস্ত কৰে বিটিচি প্ৰধান গাগ্ৰামা মহিলাৰীয়ে।
  • দেৱৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত মহিলাৰীয়ে সাব্যস্ত কৰে ভোটাধিকাৰ।
  • তেওঁ ভোটদানৰ পাছত সংবাদমাধ্যমৰ আগত কয়-
  • 'আমাৰ মিত্ৰতা অগপ, বিজেপিৰ লগত হয়।'
  • সাংবাদিকে মহিলাৰীক প্ৰশ্ন কৰে যে- হীৰ শৰণীয়াৰ সৈতে আপোনাৰ মেটছ ফিক্সিং হৈছে নেকি?
  • সাংবাদিৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়-
  • 'হীৰা শৰণীয়াৰ সাংসদৰ কাৰ্যকাল শেষ হ'বৰ হ'ল।'
  • 'তেওঁৰ বিৰুদ্ধে বহু গোচৰ আছে।'
  • 'ফাষ্টট্ৰেক আদালতত যাব লাগিব তেওঁ।'
  • 'তাৰপাছত জে'লত যাব।'
  • 'আমাৰ মিত্ৰতা কেৱল অগপ, বিজেপি, গণশক্তিৰ লগত হ'ব, বেলেগৰ লগত নহয়।'
  • 'আৰু এই চাৰিওটা সমষ্টিতেই আমাৰ প্ৰাৰ্থীয়ে জয়ী হ'ব।'
  • 'কংগ্ৰেছ বা বেলেগ দল জয়ী হোৱাৰ কথাই নাহে।'
  • ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা ভোটদান কৰে বিপিএফৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মই।
  • কোকৰাঝাৰৰ বিদ্যাপীঠ উচ্চ বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে তেওঁ।
  • তেওঁ ভোটদানৰ পিছত সাংবাদিকৰ আগত কয়-
  • 'উন্নয়ন হ'ব আৰু লগতে ১৪ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে মই কাম কৰি যাম।'
  • 'আমি যাতে এই সমষ্টিটোৰ উন্নয়নৰ বাবে কাম কৰিব পাৰো, শান্তি সমৃদ্ধি ঘূৰাই আনিব পাৰো, তাৰ বাবে কাম কৰিম।'
  • 'মোৰ ওপৰত ভগৱানৰ আশীৰ্বাদ আছে।'
  • 'উপেন্দ্ৰ নাথ ব্ৰহ্মৰ আশা-আকাংক্ষাক মই সদায় শ্ৰদ্ধা কৰো।'
  • 'মই বড়ো জনগোষ্ঠীৰ ওপৰত কোনো ধৰণৰ অন্যায় নকৰো।'
  • 'সেই কাৰণে বড়ো জনগোষ্ঠীৰ ভোটাৰসকলে মোক ভোট দি আহিছে, এইবাৰো মই ভোট পাম।'
  • লগতে তেওঁ সাংবাদিকৰ এক প্ৰশ্নত তেওঁ কয়-
  • 'নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰভাৱ ইয়াত নপৰে।'
  • 'কাৰণ ইয়াত এই বিধেয়খনক লৈ কোনো সমস্যা নহয়।'
  • '২০০৩চনৰ আগত অহা লোকসকলক নিৰাপত্তা দিম বুলি হাগ্ৰামা মহিলাৰীয়ে যি আশ্বাস দিছে, তাত কেতিয়াও প্ৰভাৱ নপৰে।'
  • ইফালে, ৪৫ নং ছয়গাঁও বিধানসভা সমষ্টিত বৰ্তমানলৈ সুকলমে চলি আছে ভোটগ্ৰহণ পৰ্ব।
  • ছয়গাঁও ৰাজহ চক্ৰ এলেকাত এতিয়ালৈ ১৫ শতাংশ ভোটদান।
  • ২০২ নং ভোট কেন্দ্ৰত ভোটদান কৰিলে প্ৰাক্তন মন্ত্ৰী ডাঃ কমলা কলিতাই।
  • ভোটদানৰ পাছত সাংবাদিকৰ আগত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয়-
  • 'আমি বিশ্বাসী যে এইবাৰ ভোটদানৰ হাৰ বৃদ্ধি হ'ব আৰু আশা কৰা ধৰণে আমি ফলাফল লাভ কৰিম।'
  • 'আৰু ৰাইজে নিশ্চয় সঠিক ৰায়দান দিব।'
  • 'আজি পুৱা গুৱাহাটীৰ পৰা আহি থকা অৱস্থাত প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত যথেষ্ঠ ভোটাৰৰ ভিৰ দেখিছো আৰু আনন্দ লাগিছে।'
  • 'কাৰণ অসমৰ ৰাইজে ভোট দিয়াটো যে প্ৰয়োজনীয় সেয়া উপলব্ধি কৰিছে।'
  • 'ইয়াত ৮টা বজাৰ পৰা ভোটদান আৰম্ভ হৈছে।'
  • 'আৰু ১ঘণ্টাতেই ১১ শতাংশ ভোটৰ হাৰ উৎসাহজনক।'
  • 'মই ভাবো ইয়াত ৮০-৯০ শতাংশ ভোটাৰে ভোটদান কৰিব।'
  • ৪৫ নং ছয়গাঁও বিধানসভা সমষ্টিত বৰ্তমানলৈ সুকলমে চলি আছে ভোটগ্ৰহণ।
  • ছয়গাঁও ৰাজহ চক্ৰ এলেকাত এতিয়ালৈ ১১ শতাংশ ভোটদান।
  • ২০২ নং ভোট কেন্দ্ৰত ভোটদান কৰিলে প্ৰাক্তন মন্ত্ৰী ডাঃ কমলা কলিতায়ো।
  • লগতে কোকৰাঝাৰৰ নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়ায়ো ভোটদান কৰে পুৱাই।
  • বাক্সাৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে শৰণীয়াই।