/asomiyapratidin/media/media_files/2025/03/27/j4m8hFB2NDDAgZaUFTrv.jpg)
হাগ্ৰামা মহিলাৰীৰ কটাক্ষ
ডিজিটেল সংবাদ, চিৰাং: বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ মাজত যদিও কেইবামাহ বাকী, কিন্তু তাৰ আগতেই প্ৰতিটো ৰাজনৈতিক দলৰ মাজত ব্যাপক তৎপৰতা আৰম্ভ হৈছে। সামান্তৰালভাবে আৰম্ভ হৈছে ৰাজনৈতিক নেতা সকলৰ মাজত তীব্ৰ বাকযুদ্ধ। বুধবাৰে চিৰাং জিলাৰ ছামথাইবাৰীস্থিত বাথৌ খেৰাই ৰিজৰ্টত বিপিএফ দলৰ এক দলীয় যোগদান সভা অনুষ্ঠিত হয় । উক্ত সভাত উপস্থিত থাকি বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে তেওঁৰ স্বভাৱ সুলভ ভঙ্গীমাৰে সংবাদ মাধ্যমৰ আগত সদৰী কৰে, "আগন্তুক বিটিচিৰ পৰিষদীয় নিৰ্বাচনত বিপিএফ দলৰ বিজয় নিশ্চিত আৰু আমি বিপিএফ দলে এইবেলি বিটিচিত চৰকাৰ বনামেই।"
লগতে তেওঁ কয়, "বিগত নিৰ্বাচন কেইটাত ইউপিপিএল দলে বিজেপি আৰু মিত্ৰজোঁট দলৰ সৈতে লগ লাগি নিৰ্বাচন খেলিছে আৰু বিপিএফ দল অকলে যুজঁ দিছে যাৰ বাবে সিহঁতে জিকিছে আৰু আমি হাৰিছো । কিন্তু সিহঁতৰ তিনিটা দলে পোৱা ভোট ভাগ কৰিলে দেখা যায় বিপিএফ দল বিজয়ী হৈছে। বৰ্তমান সময়ত বিটিচি এলেকাৰ ৰাজনীতিত বিজেপি দল দুই নম্বৰত আছে আৰু তাৰ বিপৰীতে ইউপিপিএল শূন্য" বুলি সংবাদ মাধ্যমৰ আগত তাৎপৰ্য্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে হাগ্ৰামা মহিলাৰীয়ে।
হাগ্ৰামা মহিলাৰী মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মকো কৰে কটাক্ষ। মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মক কটাক্ষ কৰি কয় যে, "উৰ্খাও গৌৰা ব্ৰহ্ম কোনো কামতে সন্তুষ্ট নহোৱা মানুহ । যিমানেই শুদ্ধ কাম নকৰক কিয় তেখেত আহি কোনোবা নহয় কোনোবা ভুল ধৰিবই। বিৰাট নেতিবাচক মানুহ ইউ জি ব্ৰহ্ম, তাৰ কথা মোক নুসুধিব।"