/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/ttg.jpg)
ডিজিটেল সংবাদ,নগাঁও: কামপুৰত দুজনকৈয়ে আৰক্ষীয়ে কৰুন মৃত্যুক সাৱতি লোৱাৰ পিছত কচুৱা থানাৰ আন এজন আৰক্ষীয়ে মৃত্যুক সাৱতি লোৱাৰ বাতৰি পোৱা গৈছে ৷ কচুৱাৰ আৰক্ষী থানাৰ কনিষ্টবল জনৰ নাম হৈছে কাতিৰাম টেৰন ৷ থানা চৌহদতে মৃত্যুক সাৱতি লোৱা ইউ বি কনিষ্টবল টেৰনৰ ঘৰ কামপুৰ চাইবুক গাঁৱত ৷
তেৰনৰ মৃত্যুৰ পিছত মঙলবাৰৰ নিশা নগাঁও অসামৰিক চিকিৎসালয়লৈ মৃতদেহটি অনা হয় ৷ বুধবাৰে মৰনোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহটি অনা হয় নগাঁও পুলিচ ৰিজাৰ্ভলৈ ৷
পুলিচ ৰিজাৰ্ভত প্ৰয়াত কাতিৰাম টেৰনৰ প্ৰতি সামৰিক মৰ্যদাৰে শেষ বিদায় জনোৱা হয় ৷ মৃত্যুৰ সময়ত টেৰনে পত্নী,কন্যা আৰু পুত্ৰক এৰি থৈ গৈছে ৷
আৰু পঢ়ক: নাহৰকটীয়াৰ হত্যাকাণ্ডৰ নতুন মোৰ, মাত্ৰ ৫০ হাজাৰ টকাৰ বিনিময়ত…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us