ভুৱা কম্পিউটাৰ চাৰ্টিফিকেটেৰে চাকৰি লোৱাৰ চেষ্টা চলোৱা মুঠ ১৭ জনক গ্ৰেপ্তাৰ...

বৰ্তমানেও অভিযান অব্যাহত আছে চি.আই.ডিৰ

author-image
Asomiya Pratidin
New Update
ভুৱা কম্পিউটাৰ চাৰ্টিফিকেটেৰে চাকৰি লোৱাৰ চেষ্টা চলোৱা মুঠ ১৭ জনক গ্ৰেপ্তাৰ...

cid assam

ডিজিটেল ডেস্ক : ভুৱা কম্পিউটাৰ চাৰ্টিফিকেটেৰে চাকৰি লোৱাৰ চেষ্টা চলোৱা একাংশৰ বিৰুদ্ধে অভিযান অব্যাহত চি.আই.ডিৰ। আদালতত হাজিৰ কৰোৱা হৈছে নতুনকৈ গ্রেপ্তাৰ কৰা ৪জন প্রাৰ্থীক। লগতে হাজিৰ কৰোৱা হয় মঙলবাৰে গ্রেপ্তাৰ কৰা তিনিজন প্ৰাৰ্থীকো।

Advertisment

উল্লেখ্য যে চি.আই.ডিয়ে এতিয়ালৈকে গ্রেপ্তাৰ কৰিছে মুঠ ১৭ জন প্রাৰ্থীক। মঙলবাৰে গ্রেপ্তাৰ হোৱা তিনিওজনক দুদিনৰ বাবে চি.আই.ডিৰ জিম্মাত লোৱা হৈছে। আনহাতে, বৃহস্পতিবাৰে চি.আই.ডিয়ে গ্রেপ্তাৰ কৰিছিল ৬ জন প্রাৰ্থীক। ইয়াৰে ৪জনক চি.আই.ডিৰ কাৰ্যালয়ত আৰু দুজনক ধুবুৰীৰ পৰা গ্রেপ্তাৰ কৰা হয়।

গ্রেপ্তাৰ হোৱা চাৰিজন ক্রমে জাহিদুল ইছলাম খান, টুপেন মেধি, গুণমণি নাথ আৰু ৰাজা ঠাকুৰ। উল্লেখ্য যে ৰাজা ঠাকুৰে ২৩ ছেপ্টেম্বৰত নিযুক্তি লাভ কৰিছিল আৰু ১ নৱেম্বৰত যোগদান কৰাৰ কথা আছিল। ইফালে ধুবুৰীৰ পৰা গ্রেপ্তাৰ হোৱা দুজনক এতিয়াও চি.আই.ডিয়ে নিজৰ জিম্মাত লোৱা নাই।

assam cid investigation